Local, Vocal, Global

টি-২০ বিশ্বকাপত ভাৰতে প্ৰথমখন খেল পাকিস্তানৰ লগত খেলিব..এতিয়া মাথোঁ কিছু ঘণ্টাৰ অপেক্ষা

টি-২০ বিশ্বকাপ আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে
ভাৰতৰ প্ৰথমখন খেল পাকিস্তানৰ সৈতে।
টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে শনিবাৰে সংবাদমাধ্যমৰ নিজৰ মন্তব্য দাঙি ধৰে ।
বিৰাটে এই ডাঙৰ প্ৰতিযোগিতাখনৰ বাবে ভাৰতৰ প্ৰস্তুতি আৰু প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে পৰামৰ্শদৰ প্ৰয়োজন আছে বুলিও কয় ।

লগতে কোহলীয়ে কয় যে এম এছ ধোনীয়ে দলটোত যোগদান কৰাত সকলোৱে যথেষ্ট সুখী। এম এছ ধোনীৰ উপস্থিতিয়ে দলটোৰ উৎসাহ বৃদ্ধি কৰিব।
ধোনী সদায় আমাৰ বাবে এজন পৰামৰ্শদাতা আছিল, সেয়েহে তেওঁৰ অভিজ্ঞতা যথেষ্ট লাভজনক হ’ব।

ভাৰত-পাকিস্তানৰ খেলখনৰ বিষয়ে বিৰাট কোহলীয়ে কয় যে অনুৰাগীসকলৰ বাবে ই এক ডাঙৰ খেল হ’ব পাৰে, কিন্তু আমি ইয়াক যিকোনো স্বাভাৱিক খেলৰ দৰে লৈ ভাবিছোঁ ।

যেতিয়া যুজবেন্দ্ৰ চাহালক টি-২০ দলত নিৰ্বাচিত কৰা হোৱা নাছিল, বিৰাটে কৈছিল যে এইটো এটা কঠিন সিদ্ধান্ত আছিল ।আমি ৰাহুল চাহাৰক এটা সুযোগ দিব বিচাৰিছিলো । তেওঁ শেহতীয়াকৈ ভাল বলিং কৰিছে ।

টি-২০ বিশ্বকাপ ১৭ অক্টোবৰত আৰম্ভ হ’ব । কিন্তু ভাৰতৰ প্ৰথমখন খেল ২৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে হ’ব। ভাৰতে চুপাৰ 12 পৰ্যায়ত আফগানিস্তান, নিউজিলেণ্ডৰ বিৰুদ্ধে এখন মেচ খেলিব ।

টি-২০ বিশ্বকাপৰ বাবে টীম ইণ্ডিয়া দল:


বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা (উপ-অধিনায়ক), কে এল ৰাহুল, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (উইকেটকিপাৰ),ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৰাহুল চাহাৰ, ৰবিচন্দ্ৰন অশ্বিন, শাৰ্দুল ঠাকুৰ, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, মহম্মদ ছামী

 

ডেস্ক ৰিপৰ্ট : MyNewsNE