Local, Vocal, Global

টীম ইণ্ডিয়াৰ আজি ভাগ্য নির্ণয়

টি–২০ বিশ্বকাপত আজি টীম ইণ্ডিয়াৰ ছেমিফাইনেলৰ ভাগ্য নির্ণয় হ’ব৷ দুখন মেচত পৰাজয় আৰু দুখন মেচত জয়েৰে সম্প্রতি গ্রুপ–২ত তৃতীয় স্থান দখল কৰি থকা বিৰাট কোহলি বাহিনীয়ে আবুধাবিত দেওবাৰে অনুষ্ঠিত হ’বলগীয়া নিউজিলেণ্ড–আফগানিস্তানৰ মেচৰ ফলাফললৈ উৎকণ্ঠাৰে অপেক্ষা কৰিছে৷

বহুপ্রত্যাশিত এই মেচখনত আফগানিস্তানে নিউজিলেণ্ডক হৰুৱাই অঘটন সৃষ্টি কৰিব পাৰিলে টীম ইণ্ডিয়াৰ ছেমিফাইনেলৰ পথ প্রশস্ত হ’ব৷ অৱশ্যে ইয়াৰ বাবে দলটোৱে সোমবাৰে নিশা নামিবিয়াক পৰাস্ত কৰিব লাগিব৷

শেহতীয়া মেচখনত নামিবিয়াৰ বিৰুদ্ধে চমকপ্রদ জয়েৰে আত্মবিশ্বাসী হৈ থকা নিউজিলেণ্ডক পৰাস্ত কৰাটো আফগানিস্তানৰ বাবে আজি প্রত্যাহ্বানজনক হোৱাটো একপ্রকাৰ নিশ্চিত৷ চলিত টি–২০ বিশ্বকাপত নিউজিলেণ্ডৰ বেটিং বিভাগে প্রত্যাশিত প্রদর্শন দাঙি ধৰিব পৰা নাই যদিও ট্রেণ্ট ব’ল্ট, টিম ছাউডী, আডাম মিলনে, ইছ সোধী আৰু মিছেল ছাণ্টনাৰৰ দৰে তাৰকাকে গঠিত বলিং বিভাগ সুন্দৰ ফর্মত আছে৷

ইফালে, শক্তিশালী স্পীন বলিঙৰ বাবে বিশেষভাৱে পৰিচিত আফগানিস্তানে অভিজ্ঞ স্পীনাৰ মুজিবুৰ ৰহমানৰ অনুপস্থিতি অনুভৱ কৰিব৷ আঘাতৰ বাবে তেওঁ শেহতীয়াকৈ খেলপথাৰত নামিব পৰা নাই৷

ইফালে, কেন উইলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ডক হৰুৱাই আফগানিস্তানে ভাৰতৰ বাবে ছেমিফাইনেলৰ পথ মুকলি কৰিব বুলি আশাৰে বাট চাইছে ভাৰতীয় ক্রিকেট অনুৰাগীয়ে৷ গ্রুপ পর্যায়ৰ এই মেচখনত নিউজিলেণ্ড জয়ী হ’লে তেওঁলোকৰ ছেমিত স্থান সুৰক্ষিত হ’ব আৰু ভাৰত টি–২০ বিশ্বকাপৰ ছেমিৰ দৌৰৰ পৰা বাহিৰ হ’ব৷