কৰ’নামুক্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

কৰ’না মুক্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। কিন্তু স্বাস্থ্যৰ অৱস্থা দুৰ্বল বাবে বৰ্তমান চিকিৎসালয়তে আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
উল্লেখ্য যে ২৬ আগষ্টত কৰ’নাত আক্ৰান্ত হৈ GMCHত ভৰ্তি হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। পৰৱৰ্তী সময়ত গগৈৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটিচিল কিন্তু GMCH চিকিৎসকৰ তৎপৰতাৰ কিছু সুস্থ হৈ উঠে যদিও ক’ভিডমুক্ত হোৱা নাছিল।
বুধবাৰে তৰুণ গগৈৰ স্বোৱাব পৰীক্ষাৰ ফলাফল ক’ভিড নিগেটিভ আহে। ৮০ উৰ্দ্ধৰ বাবে বৰ্তমান তৰুণ গগৈ কিছু দিনৰ বাবে চিকিৎসালয়তে থাকিব। আশা কৰা হৈছে অতিশীঘ্ৰে তৰুণ গগৈ ঘৰলৈ উভটি আহিব।