Local, Vocal, Global

WhatsAPP জৰিয়তে তিনি তালাক আইনগতভাৱে গ্ৰহণীয় নহয়

0 6

চত্তিছগড় উচ্চ ন্যায়ালয়ে তিনি তালাকৰ এক গোচৰৰ ৰায়ত স্পষ্টভাৱে কয় যে মুছলমান সম্প্ৰদায়ৰ মাজত মহিলাক ম’বাইল ফোন আৰু হোৱাটছএপৰ জৰিয়তে তিনি তালাক দিলে সেয়া আইনগতভাৱে বৈধ নহ’ব।

তালাকৰ ক্ষেত্ৰত নথিপত্ৰসহ আইনী প্ৰক্ৰিয়া পালন কৰাটো অপৰিহাৰ্য বুলিও আদালতে উল্লেখ কৰিছে। এই ৰায়ৰ জৰিয়তে চত্তিছগড় উচ্চ ন্যায়ালয়ে যৌতুক দাবীৰে পত্নীক তিনি তালাক দিয়া এজন ইছলামধৰ্মী পুৰুষৰ আবেদন প্রত্যাখ্যান কৰে।

আদালতৰ দ্বাৰস্থ হৈ আবেদনকাৰীয়ে কৈছিল যে তেওঁ পত্নীক পূর্বে তিনি তালাক দিছিল আৰু সেয়েহে তেওঁৰ বিৰুদ্ধে যৌতুক বিচাৰি পত্নীক নির্যাতন চলোৱাৰ অভিযোগত গোচৰ চলাব নোৱাৰি।

এই গোচৰৰ বিচাৰ চলাই ন্যায়ালয়ে কয় যে ম’বাইল ফোন বা হোৱাটছএপৰ জৰিয়তে তিনি তালাক দিলে আইনগতভাৱে ই বৈধ বিবেচিত নহয়। সেয়েহে আবেদনকাৰীৰ তিনি তালাক অবৈধ আছিল বুলিও ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে।

Leave A Reply

Your email address will not be published.