Local, Vocal, Global

জল্পনা কল্পনাৰ অৱসান, স্থগিত টি-২০ বিশ্বকাপ

কৰ’নাৰ ভয়াৱহতাৰ বাবে স্থগিত হ’ল অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব লগা টী-২০ বিশ্বকাপ। ICC-য়ে ৰবিবাৰে এক বিবৃতি যোগে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ১৫ অক্টোবৰ পৰাই ১৫ নবেম্বৰলৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱাৰ কথা আছিল টি-২০ বিশ্বকাপ প্ৰতিযোগিতা। ICCয়ে মে’ মাহতে প্ৰতিযোগিতাখন অনুষ্ঠিত নোহোৱা ইংগিত প্ৰদান কৰিছিল।


টি-২০ বিশ্বকাপ বাতিল হোৱাৰ লগে-লগে IPL অনুষ্ঠিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। BCCI-ও অক্টোবৰ-নৱেম্বৰতে IPL অনুষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰি আছে। সকলো ঠিকে-ঠাকে থাকিলে চলিত বৰ্ষৰ অক্টোবৰ-নবেম্বৰতে অনুষ্ঠিত হ’ব বিশ্বৰ সৰ্ববৃহৎ টী-২০ লীগ IPL

ইয়াৰ লগতে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ৫০ অভাৰৰ বিশ্বকাপ মাৰ্চ-এপ্ৰিলৰ পৰিবৰ্তে অক্টোবৰ-নবেম্বৰ মাহলৈ পিছুৱাই গৈছে।