Local, Vocal, Global

আচৰ্যজনক ঘটনা ,এইবাৰ বিদ্যালয়ৰ ছাত্ৰৰ ৰূপত ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক, ১ মে:- আৰক্ষীৰ এটাৰ পিছত এটা ড্রাগছৰ এনকাউণ্টাৰৰ ঘটনাই ও যেন ড্রাগছ সৰবৰাহ বন্ধ কৰিব পৰা নাই । তেনে এক ভয়ংকৰ ঘটনা সংঘটিত হ’ল লখিমপুৰৰ বান্দৰদেৱাত ।

এইবাৰ সৰবৰাহকাৰীৰ ৰূপত বিদ্যালয়ৰ এজন ছাত্ৰ , এই আচৰ্যজনক ঘটনা সংঘটিত হৈছে লখিমপুৰৰ বান্দৰদেৱাত ।

ড্রাগছ সৰবৰাহকাৰী ৮ বছৰীয়া শিশুটি তৃতীয় শ্রেণীত অধ্যয়নৰত । বিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত অৱস্থাতে শিশুটিৰ পৰা উদ্ধাৰ কৰা হয় ড্রাগছখিনি ।

লখিমপুৰৰ বান্দৰদেৱাৰ বিহপুৰীয়া আৰক্ষীয়ে শিশুটিৰ পৰা জব্দ কৰে ৫ গ্রাম ড্রাগছ ।

ঘটনা সন্দৰ্ভত এগৰাকী মহিলাসহ দুই সৰবৰাহকাৰী ক্ৰমে ৰমা গাম আৰু মীনা বৰী নামৰ দুই সৰবৰাহাকীক আটক কৰে ।

উল্লেখযোগ্য যে, জিতেন বিশ্বাস নামৰ এজনৰ ঘৰৰ পৰা জব্দ কৰে চীন, ম্যানমাৰৰ মুদ্রা।