Local, Vocal, Global

এখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

নিউজ ডেস্ক, ৩১ আগষ্ট : ৰাজ্যত অবৈধভাৱে স্থাপন হোৱা মাদ্ৰাছাসমূহৰ বিৰুদ্ধে চৰকাৰৰ তথা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি থকাৰ সময়তে পোহৰলৈ আহিছে মাদ্ৰাছাৰ এক ফো়ঁপোলা স্বৰূপ।

লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত গড়াজান পুৱ আমৰাকান্দা মধ্য ইংৰাজী মাদ্ৰাছাত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ ।
প্ৰধান শিক্ষক জিয়াউল হকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি SMC কমিটি, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীয়ে গঢ়ি তুলিছে এই প্ৰতিবাদ ।
প্ৰধান শিক্ষক জিয়াউল হক যোৱা চাৰি মাহ ধৰি বিদ্যালয়ত অনুপস্থিত থকাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজন বন্ধ কৰি ধন , চাউল আত্মসাত কৰাৰ অভিযোগ । নিজ ইচ্ছা মতে ঘৰতে বহি শিক্ষা বিষয়াক মেনেজ কৰি চৰকাৰী দৰমাহ লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
আনফালে প্ৰধান শিক্ষক হোৱাৰ পিছৰ পৰা কোনো শ্ৰেণীত পাঠদান নকৰাৰ লগতে সহকাৰী শিক্ষক সকলৰ লগতো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে।

ইতিমধ্যে ৰাইজে প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভাগক তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে।