Local, Vocal, Global

“পৰীক্ষাত পাছ, চাকৰিত ফেইল” সিদ্ধান্তত তীব্ৰ অসন্তুষ্টি ছাত্ৰ-ছাত্ৰী ,অভিভিভাৱক-অভিভাৱিকা

“পৰীক্ষাত পাছ, চাকৰিত ফেইল” সিদ্ধান্তত তীব্ৰ অসন্তুষ্টি ছাত্ৰ-ছাত্ৰী ,অভিভিভাৱক-অভিভাৱিকা। শিক্ষাবিভাগৰ হঠকাৰী সিদ্ধান্ত পুনৰ বিবেচনাৰ দাবী।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মূল্যাংকন পদ্ধতি সম্পৰ্কে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাই। শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিবলৈ ওলোৱা প্ৰমাণ পত্ৰ আৰু মাৰ্কচিট উচ্চশিক্ষাৰ লাভৰ বাবে প্ৰযোজ্য হ’ব যদিও চাকৰি লাভৰ বাবে প্ৰযোজ্য নহ’ব প্ৰকাশ কৰাত ক্ষোভিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল।

যিসময়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিলে কিন্তু ছাত্র-ছাত্ৰীৰ জীৱনৰ দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত নকৰি ছাত্ৰ-ছাত্ৰী শৈক্ষিক জীৱনৰ সৈতে হেতালি খেলিলে তাকে লৈ সৰৱ হৈ উঠিছে বাগসা জিলাৰ গোৰেশ্বৰৰ অধিকাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকা। শিক্ষা বিভাগে প্ৰদান কৰা মাৰ্কচিট আৰু প্ৰমাণ পত্ৰক মান্যতা প্ৰদান কৰিবলৈ তথা চাকৰি-বাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিবলৈ দাবী জনাইছে।

লগতে শিক্ষা বিভাগৰ লগতে চৰকাৰৰ এই সিদ্ধান্তত হতাশাগ্ৰস্ত হৈ পৰা ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি নেখেলি তেওঁলোকে  ভবিষ্যত জীৱনত অসুবিধা নহোৱাকৈ আগুৱাই যাবলৈ শিক্ষা বিভাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে।