দলিলক লৈ ৰাজ্যত দালালৰ বেহা…
দলিলৰ ব্যাপক নাটনিত ৰাজ্যজুৰি হাহাকাৰ। ১,২,৫,১০,২০,৫০,১০০ টকীয়া দলিল বিচাৰি হাবাথুৰি খাইছে অধিবক্তা আৰু গোচৰীয়া ৰাইজে। ক’লা বজাৰত অধিক মূল্যত বিক্ৰী হৈছে কম মূল্যৰ দলিল। ৰাজ্যত দলিলৰ ভয়াবহ নাটনিৰ মূলতে হ’ল অসম চৰকাৰ আৰু কোষাগাৰ বিষয়া সকলৰ চৰম দায়িত্ব জ্ঞানহীনতা। বিগত কেইবামাহ ধৰি জিলাই জিলাই নাটনি হৈছে দলিলৰ। যাৰ ফলত দলিল বিচাৰি এতিয়া হাহাকাৰ কৰিছে সৰ্বসাধাৰণে।
আনহাতে দলিলৰ অভাৱত অধিবক্তা,গোচৰীয়া,সাধাৰণ ৰাইজ সমস্যাৰ সন্মুখীন হোৱাৰ লগতে কোষাগাৰৰ পৰা ওলোৱা দলিলসমূহ দালালে অত্যাধিক দামত বিক্ৰী কৰিছে ক’লা বজাৰত। উল্লেখযোগ্য যে, দলিলৰ কিমান প্ৰয়োজন নিশ্চয় কোৱাৰ প্রয়োজন নাই ,মাটি বাৰী বিক্ৰী, টকা পইচাৰ লেন-দেন,নাম সলনি আদিকে ধৰি সকলো ধৰণৰ কামত দলিলৰ প্ৰয়োজন আছে। কিন্তু কেইবা মাহ ধৰি দেখিবলৈ পোৱা গৈছে ৰাজ্যত ১,২,৫,১০,২০,৫০,১০০ টকীয়া দলিল পাবলৈ নাই। ফলত এতিয়া কামৰ বাবে আদালতলৈ যোৱা ৰাইজৰ লগতে অধিবক্তাৰো দলিলৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। ইয়াৰ পিছতো ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যবস্থা গ্ৰহণ কৰা নাই। অসম চৰকাৰে ছপাশালত ধন নিদিয়াৰ বাবেই বন্ধ হৈ আছে দালিলৰ যোগান ।
অসম চৰকাৰে দলিলৰ টকাখিনিও দিব নোৱাৰাটো এক আশ্চৰ্য্যজনক বিষয়ৰূপে পৰিগনিত হৈছে । আনহাতে সাধাৰণ ৰাইজ আৰু অধিবক্তাই দলিলৰ নামত হাহাকাৰ কৰাৰ বিপৰীতে কলা বজাৰত অধিক দামত বিক্ৰী হৈ আছে দলিল সমূহ।