Local, Vocal, Global

বাঘবৰৰ পশ্চিম দেওলদীত ছাত্ৰ মুক্তিৰ অভিনৱ প্ৰতিবাদ

বাঘবৰৰ পশ্চিম দেওলদীত ছাত্ৰ মুক্তিৰ অভিনৱ প্ৰতিবাদ। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী আৰু বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদানৰ দাবীত ব্ৰহ্মপুত্ৰ নদীত নামি অৰ্ধ উলংঘ প্ৰতিবাদ।

মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি অৰ্ধ উলংঘহৈ পানীত নামি অভিনৱ প্ৰতিবাদ সাব্যস্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত পশ্চিম দেওলদী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ আৰু বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদানৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ।