অভিনেতা সৌমিত্ৰ চেতাৰ্জীৰ মৃত্যু

জনপ্ৰিয় বাংলা অভিনেতা সৌমিত্ৰ চেতাৰ্জীৰ আজি দেহাৱসান ঘটে। উল্লেখ যোগ্যযে ৬ অক্টোবৰ তাৰিখে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছতেই চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছিল অভিনেতা গৰাকীক। মাত্ৰ এটা সপ্তাহৰ পাছতেই অভিনেতা গৰাকী কৰোনা ভাইৰাছৰ পৰা মুক্ত হৈছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে চিকিত্সালয়তে ভৰ্তি হৈ আছিল।কিছুদিন পাছতেই অভিনেতা গৰাকী সুস্থ হৈ উঠিব বুলি চিকিত্সকে জনাইিছল যদিও অৱশেষত ৮৫ বছৰ বয়সত কলিকতাত মৃত্যু হয় অভিনেতা গৰাকীৰ।