Local, Vocal, Global

Sotia Bihu Preparation:চতিয়াৰ ইটাখোলাত অপৰাজিতা মণ্ডল সংগঠনৰ মহিলাৰ মাঘবিহুৰ ব্যাপক প্ৰস্তুতি

১২জানুৱাৰী,চতিয়া :হেপাহৰ ভোগালী বিহুলৈ হাতত মাথো এটা দিন বাকী।সমগ্ৰ অসমৰ লগতে জামুগুৰিহাট আৰু চতিয়াতো এতিয়া মাঘ বিহুৰ ব্যাপক আয়োজন চলিছে। ভেলাঘৰ সজাৰ কামত গাঁৱৰ যুৱক যুৱতী সকল ব্যস্ত হৈ পৰাৰ সমান্তৰাল কৈ গাঁৱৰ মহিলা সকলো ব্যস্ত হৈ পৰিছে পিঠা পনা তৈয়াৰ কৰাত।চতিয়াৰ উত্তৰ নাগশংকৰ গাঁওপঞ্চায়তৰ অধিনত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ অপৰাজিতা মণ্ডল সংগঠনৰ মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বিহুৰ পিঠাপনা তৈয়াৰ কৰি ইতিমধ্যেই বজাৰলৈ মুকলি কৰি দিয়া দেখা গৈছে। মহিলা সকলে ভোগালী বিহু উপলক্ষ্যে এতিয়া খোলাপিঠা, বৰপিঠা, তিলৰ লাৰু,নাৰিকলৰ লাৰু, ঘিলাপিঠাকে ধৰি ভোগালী বিহুৰ সকলো প্ৰয়োজনীয় খাদ্য সামগ্ৰী তৈয়াৰ কৰি বিপনী খনৰ জৰিয়তে ৰাইজলৈ আগবঢ়াই দি সুলভ মূল্যত গ্ৰাহক ৰাইজক যোগানৰ ব্যৱস্থা কৰিছে৷এই বিপনীখন আজি পুৱাই শুভ উদ্বোধন কৰে যুৱ লেখক সাহিত্যিক তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰাই৷