সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিলে তৈলক্ষেত্ৰ খনন কাৰ্য

অইলৰ বিৰুদ্ধে সৰৱ সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা। অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিলে খনন কাৰ্য।
চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ গাতে লাগি থকা গুটিঘাট নগানদী অঞ্চলত অইল ইণ্ডিয়াই নতুনকৈ স্থাপন কৰা তৈলক্ষেত্ৰ সন্দৰ্ভত সৰৱ হৈ উঠিছে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা। ব্যক্তিগত কোম্পানীয়ে তৈলক্ষেত্ৰৰ খনন কাৰ্য কৰিব বিচৰাৰ বাবেই সৰৱ হৈ উঠিছে আছু। আনহাতে নগানদী বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত তৈলক্ষেত্ৰ স্থাপন কৰাৰ পাছতো বিদ্যালয়খন সুৰক্ষাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই। ইফালে অইল কৰ্তৃপক্ষই খনন আৰু উৎপাদন কৰাৰ বাদে অঞ্চলটোৰ উন্নয়নমূলক কাম-কাজত গুৰুত্ব নিদিয়াৰ লগতে নিৰ্মাণ কাৰ্যত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰো অভিযোগ উত্থাপন হৈছে। যাৰ ফলত আজিৰেপৰা সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই তৈলক্ষেত্ৰ লৈ যান-বাহনৰ প্ৰৱেশ বন্ধ কৰি দিয়াৰ লগতে তৈলক্ষেত্ৰ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে। ইফালে সোণাৰি আছুৱে এই সন্দৰ্ভত আঠদফীয়া দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে চৰাইদেউ জিলা উপায়ুক্তক।