Local, Vocal, Global

WATCH | Sonari News : চৰাইদেউ জিলাত পঞ্চায়তৰ ভোট গণনাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

সোণাৰি,১৩মে’ : চৰাইদেউ জিলাত পঞ্চায়তৰ ভোট গণনাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ। সামৰণি পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে চৰাইদেউ জিলা কংগ্ৰেছে(Sonari News)।

সোণাৰিৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছ দলৰ তৰফৰ পৰা আয়োজন কৰা এক সংবাদ মেলত এই অভিযোগ উত্থাপন কৰে জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈয়ে।

গগৈয়ে অভিযোগ কৰা মতে, সোণাৰিৰ বিধান সভা সমষ্টিৰ অন্তগৰ্ত লংপতীয়া গাওঁ পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী প্ৰফুল্ল বৰুৱা ৪৫৯ টা ভোট লাভ কৰি জয়ী হৈছিল বুলি ভোটগণণাৰ অন্তত ঘোষণা কৰিছিল যদিও আজি প্ৰশাসনে আজি প্ৰকাশ কৰা তালিকাত জয়ী প্ৰাৰ্থী প্ৰফুল্ল বৰুৱাৰ বিপৰীতে বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী অৰূপ বৰুৱাৰ নাম প্ৰকাশ পোৱাত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈয়ে।

লগতে পঢ়ক :WATCH | Nurul Huda :পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিধায়ক নুৰুল হুদাৰ প্ৰতিক্ৰিয়া