WATCH | Sonari News : বৰাহী এম ই স্কুলত নাই প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা

সোণাৰি,৮মে’ : বৰাহী এম ই স্কুলত নাই প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা। প্ৰস্ৰাৱগাৰ নথকাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে মুকলি স্থানত পেচাব কৰাক লৈ ৰাইজৰ ক্ষোভ। বৰাহী মধ্য ইংৰাজী বিদ্যালয়খনত প্ৰায় ২০০ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আহিছে। বিভিন্ন সমস্যাৰে জৰ্জৰিত বিদ্যালয়খনত এটা প্ৰস্ৰাৱগাৰ আছে যদিও প্ৰস্ৰাৱগাৰটো ব্যৱহাৰ কৰাৰ পৰা বঞ্চিত হৈ আহিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী।
যাৰ ফলত এতিয়া বিদ্যালয়খনৰ চৌহদৰ কাষতে ছাত্ৰ ছাত্ৰীয়ে মুকলিকৈ পেচাব কৰিব লগা হয়। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকেও প্ৰধান শিক্ষকক অভিযোগ দিছে যদিও আজি পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা হোৱা নাই।
ইফালে বিভিন্ন সমস্যাৰে জৰ্জৰিত বিদ্যালয়খনত চৰকাৰে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিছে যদিও সেয়া একাংশ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বাবে ভেকো ভাওনাত পৰিণত হোৱা পৰিলক্ষিত হৈছে। এই বৰাহী মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজন বাবে অহা চাউল পচি যোৱাৰ অভিযোগ উত্থাপিত কৰিছে অভিভাৱকৰ লগতে ছাত্ৰ সংগঠনে(Sonari News)।
অভিযোগ অনুসৰি মধ্যাহ্ন ভোজনৰ বাবে অহা চাউল পচি যোৱাৰ পিছত পচা চাউল ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। ছাত্ৰ ছাত্ৰীৰ পচা চাউল বিতৰণ কৰা ঘটনাই ছাত্ৰ ছাত্ৰী, অভিভাৱক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, বৰাহী মধ্য ইংৰাজী বিদ্যালয়ত এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অহা চাউল ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সপোন কুমাৰ চুতীয়াই চাউলত পোক লগা বুলি স্বীকাৰ কৰি এই চাউলৰ বিদ্যালয় সমূহৰ বিভাগীয় কৰ্তৃপক্ষই বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে ।
আনহাতে ৰান্ধনী সকলে অভিযোগ কৰা অনুসৰি বিদ্যালয়খনৰ ৰান্ধনী হালত বিভিন্ন লোকে মাজে মাজে পাৰ্টীৰ কৰাৰ ফলত ৰান্ধনী হালত খোৱা সামগ্ৰী যধে মধে পেলোৱাৰ লগতে সুৰাৰ বটল পেলাই থৈ যোৱাৰ বিষয়ে প্ৰধান শিক্ষকক কেইবাবাৰু অভিযোগ উত্থাপিত কৰিছে যদিও কোনো সুফল পোৱা নাই বিদ্যালয়খনৰ ৰান্ধনী সকলে। মুঠৰ উপৰত বিভিন্ন অনিয়মৰে পৰিচালিত হৈছে এই বিদ্যালয়খন। ছাত্ৰ ছাত্ৰীয়ে চীত পৰীক্ষা, বাছনি পৰীক্ষাতো ভাল ফলাফল কৰিব নোৱাৰে বুলি অভিযোগ উত্থাপিত হৈছে।
লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়া জয়ন্তীপুৰ গাঁও পঞ্চায়তত নিশা ১০ বজালৈ চলিল ভোটদান