Son Brutally Killed Mother : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ
মঙলদৈ,১০ছেপ্তেম্বৰ : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ( Son Brutally Killed Mother) । পাষান পুত্ৰই মৰিয়াই মৰিয়াই হত্য়া কৰিলে মাতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।
এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল মঙলদৈ ।নিজ জন্মদাত্ৰী মাতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিল এজন পুত্ৰৰ( Son Brutally Killed Mother in Barpeta) ।
মঙলদৈ চৰত মানৱ সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে। পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ
পাৰিবাৰিক কন্দলৰ ফলতে পুত্ৰই হত্য়া কৰি মাতৃক । পাষণ পুত্ৰৰ আক্ৰমণত থিতাতে নিহত হয় কুলচন খাতুন নামৰ মহিলাগৰাকী।পাষণ পুত্ৰ মইনুদ্দিনে নিজ মুখে স্বীকাৰ কৰিলে এই কথা ৷
এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাইজে আবদ্ধ কৰি ৰাখে ঘাটক মইনুদ্দিনক।আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱা লগে লগে ঘটনাস্থলীত উপস্থিত হয় ।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।
লগতে পঢ়ক :Protest in Goalpara : লক্ষীপুৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্য্যলয় ঘেৰাও কৰি ৰাইজৰ প্ৰতিবাদ