Local, Vocal, Global

ৰাষ্ট্ৰীয় পতাকাখনৰ কিছু জানিবলগীয়া তথ্য

নিউজ ডেস্ক, ১৩ আগষ্ট : ১৯৪৭ চনৰ ২২জুলাইত আমাৰ ৰাষ্ট্ৰীয় পতাকাখনক মান‍্যতা দিয়া হৈছিল।পতাকাখনৰ আৰ্হি পিংগলী ভেংকায়া নামৰ এজন স্বাধীনতা সংগ্ৰামীৰ পৰশত তৈয়াৰ হৈছিল।

দেশৰ ৰাষ্ট্ৰীয় পতাকাখন অতি মৰ্যাদাপূৰ্ণভাৱে, অতি সন্মানেৰে, নীতি নিয়মৰ মাজেৰে ৰখা হয়। আমাৰ জাতীয় পতাকাখন ক’ত, কেনেকৈ, কেতিয়া, উত্তোলন কৰিব, কি কাপোৰৰ হ’ব আদি ভাৰতীয় পতাকাবিধি অথবা ফ্লেগ কোড অৱ ইণ্ডিয়াত সন্নিবিষ্ট হৈছে। অৰ্থাৎ কোনোৱে আচলতে জধে মধে আমাৰ জাতীয় পতাকাখন ব‍্যৱহাৰ কৰিব নোৱাৰে। ই এক অপৰাধ। এই বিধি যোৱা ২০২১ চনত সংশোধন কৰা হয়।

ৰাষ্ট্ৰীয় পতাকাখনৰ কিছু জানিবলগীয়া তথ্য

কি কৰিব নোৱাৰি/কৰিব লাগিব:
১) য’তে ত’তে পতাকা উত্তোলন কৰিব নোৱাৰে।
২) কোনো ব‍্যক্তিগত বস্তু, মৃতদেহ বান্ধিব নোৱাৰে।
৩) আন কোনো পতাকাৰ সমানে উৰুৱাব নোৱাৰে।
৪) এদাল দণ্ড ত ৰাষ্ট্ৰীয় পতাকাৰ লগত আন পতাকা ৰাখিব নোৱাৰে।
৫) কোনো ব‍্যক্তিগত বাহনত ৰাষ্ট্ৰীয় পতাকা লগোৱাটো গুৰুতৰ অপৰাধ। কেৱল কিছুমান পদাধিকাৰীয়েহে নিজৰ চৰকাৰী বাহনত ৰাষ্ট্ৰীয় পতাকা লগাব পাৰে। যেনে- ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, ৰাজ‍্যপাল, ন‍্যায়াধীশ আদি। কিন্তু এতিয়া বাইক, গাড়ীত পতাকা লগোৱা, বন্ধাটো যেন এক পৰম্পৰাত পৰিনত হৈছে। যিটো দণ্ডনীয় অপৰাধ।
৬) পতাকা লেতেৰা কৰিব নোৱাৰে।
৭) কোনো কাৰনতে সজোৱা কামত ব‍্যৱহাৰ কৰিব নোৱাৰি।
৮) সকলোসময়তে সম্পূৰ্ণ মৰ্যাদা সহকাৰে পতাকাখন ৰাখিব লাগিব। অৱহেলিত হৈ থাকিব নোৱাৰিব।
৯)ভাৰতীয় আইন অনুসৰি জাতীয় পতাকাৰ ব্যৱহাৰ সৰ্বদা “মৰ্যাদা, আনুগত্য আৰু সন্মান” সহকাৰে হোৱা উচিত ।

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে চৰকাৰে ১৩-১৫ আগষ্টলৈ সকলো লোককে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাবলৈ যি নিৰ্দেশ প্ৰদান কৰিছে। এতিয়া প্ৰশ্ন উত্থাপিত হয় ই আমাৰ পতাকাখনৰ মৰ্যাদাত আঘাত নকৰেতো!! সকলোৱে সম্পূৰ্ণ মৰ্যাদাৰে পতাকাখন উত্তোলন কৰিব পাৰিবনে? পতাকা উঠোৱা, নমোৱা, বন্ধাৰ , জপাৰ নিয়ম সৰ্বসাধাৰণ ৰাইজে জানেনে?

কিন্তু সামাজিক মাধ্যমত পৰিলক্ষিত হৈছে মহানগৰীত পতাকাৰ ৰঙ সলনি কৰি বহুতে বিক্ৰী কৰিছে, দেখিলো ৰাজপথৰ কাষত থকা ৰেলিঙত বান্ধি থৈছে? দুখনমান টমটমৰ ওপৰত বান্ধি উৰুৱাইছে আৰু এফালে চোচৰি গৈছে।

ই আইনগত অপৰাধ তথা পতাকাৰ অপমান…..!!

২০২১ৰ আগলৈকে পতাকা কেৱল খদ্দৰ কাপোৰৰ হোৱাটো বাঞ্চনীয় আছিল, কিন্তু ২০২১ৰ সংশোধনীৰ পিছত এতিয়া পতাকাৰ বাবে পলিষ্টাৰ বা আন কাপোৰো ব‍্যৱহাৰ কৰিব পাৰিব।

আমাৰ জাতীয় পতাকাখন সকলোৱে সন্মান তথা মৰ্যদাপূৰ্ণ ভাৱে ব্যৱহাৰ কৰা উচিত। কিন্তু যেতিয়া ইয়াৰ ব‍্যৱহাৰ মাত্ৰাধিকভাৱে , জধে মধে কৰিব ইয়াৰ মৰ্যাদা কৰবাত নহয় কৰবাত ম্লান হোৱাটো খাটাং।

আশাকৰো সকলোৱে সম্পূৰ্ণ মৰ্যাদাসহকাৰে , নীতিগতভাৱে জাতীয় পতাকাখন ব‍্যৱহাৰ কৰিব।