ভাইটী, এবাৰ উঠি চোৱা, মই মোৰ প্ৰমিচ পুৰা কৰিলো-মুছকান

মানৱতাৰ উৎকৃষ্ট নিদৰ্শন৷ ইছলাম ধর্মৰ যুৱতীয়ে হিন্দু ৰীতি-নীতিৰে সৎকাৰ কৰিলে এজন হিন্দু যুৱকক৷ বিগত কিছু মাহৰ পৰা ঘাতমাওৰা যুৱকজনক নিজৰ ভাতৃ হিচাপে জ্ঞান কৰি আহিছিল৷ ছোৱালীজনীৰ নাম মুছকান৷ তেজৰ সম্পৰ্কতকৈও যে আন্তৰিক সম্পৰ্কহে মানুহৰ জীৱনত অধিক ক্ৰিয়া কৰে প্ৰমাণ কৰি দিলে শিৱসাগৰৰ মুছকানে৷
নিজৰ ভাতৃ হিচাপে জ্ঞান কৰা যুৱকজনক সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে অন্তিম সৎকাৰ সম্পন্ন কৰাৰ পিছত মুছকানে ফেচবুকত লিখিছে- আজি মই মোৰ বৰ মৰমৰ ভাইটীক চিৰদিনৰ বাবে হেৰুৱাই পেলালো৷ তাৰ নিজৰ বুলিবলৈ মোৰ বাহিৰে কোনো নাছিল৷ সৰুতে সি তাৰ মাক-দেউতাকক হেৰুৱাইছিল আৰু তাক আইতাকে ডাঙৰ-দীঘল কৰিছিল৷ তেতিয়াৰে পৰা তাৰ লগত মোৰ বা আৰু ভাইটীৰ সম্পৰ্ক আছিল৷ তাক কথা দিছিলো, সদায় তোমাৰ বা হৈ থাকিম৷ সুখ-দুখত তোমাৰ ওচৰত থিয় দি থাকিম৷ যিমানদিন মোৰ এই দেহাত শকতি থাকিব তুমি মোক কাষতে পাবা৷ ভাইটী, এবাৰ উঠি চোৱা, মই মোৰ প্ৰমিচ পুৰা কৰিলো৷ আজি তুমি গুচি গলা মোক এৰি৷ কিন্তু মই এতিয়াও তোমাৰ কাষতে থিয় দি আছো৷ কোনে মোক কি ক’ব, মই কাৰো কথা চিন্তা কৰা নাই৷ মোৰ বুকুখন বিষাইছে৷ চকুপানী টুকি নিজ হাতেৰে মুখাগ্নি কৰি মই মোৰ বা হোৱাৰ শেষ দায়িত্ব সম্পূর্ণ কৰিলো৷ তুমি য’তেই থাকা সুখে-শান্তিত থাকা৷ মোৰ অন্তৰত তুমি সদায় জীয়াই থাকিবা৷
আৰু এইদৰেই মুছকানে নিজৰ ভাইটীক কৰা প্ৰতিজ্ঞা সম্পূৰ্ণ কৰিলে৷ আৰু সমাজৰ আগত দাঙি ধৰিলে মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন৷ নিয়তিৰ ওচৰত হাৰ মানিলে মুছকানৰ ভাইটীয়ে৷ কিন্তু মুছকানৰ কৰ্মৰাজি আৰু দায়িত্ববোধে সমাজৰ আগত সকলোৰে হৃদয় জিনিলে৷