Website Design: dastechnologies.in
এইখন গোলাঘাটৰ কাকডোঙাৰ মাজুকুছি পশু চিকিৎসা কেন্দ্ৰ। ১৯৮৫ চনত সেই সময়ৰ অগপ চৰকাৰৰ কাৰ্যকালতে স্থাপন হৈছিল কেন্দ্ৰটো। কিন্তু দীৰ্ঘদিন ধৰি বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবে এতিয়া এনেদৰেই জহি-খহি হাবি-জংঘলৰে আগুৰি ধৰিছে পশু চিকিৎসা উপ-কেন্দ্ৰটো। উল্লেখ্য যে কৃষিজীৱী কাকডোঙা অঞ্চলৰ ৪২খন গাঁৱৰ ৰাইজৰ আশা-ভৰসাৰ একমাত্ৰ পশু চিকিৎসালয়খন এনেদৰে বন্ধ হৈ থকাত অঞ্চলটোৰ ৰাইজে ভুগিছে যমৰ যাতনা৷ সাধাৰণ পশু-পক্ষীৰ কিবা এটা হ’লেই পশু চিকিৎসক বিচাৰি যাব লাগে ২০-২৫ কিলোমিটাৰ যাতায়ত কৰি গোলাঘাট নগৰ বা দেৰগাঁও চহৰলৈ। স্থানীয় ৰাইজে অচিৰেই পশু চিকিৎসা কেন্দ্ৰটোৰ আন্তঃগাঁঠনি নিৰ্মাণ কৰি চিকিৎসক নিযুক্তি দিবলৈ দাবী জনাইছে মন্ত্ৰী অতুল বৰাক।