Local, Vocal, Global

তিখেশ্বৰ গোহাঁই, দুৰ্লভ গগৈৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন

টিপলিঙত সম্পন্ন হ’ল বাঘজানৰ বিভীষিকাই প্ৰাণ কাঢ়ি নিয়া তিখেশ্বৰ গোহাঁইৰ শেষকৃত৷ আনহাতে নামৰূপৰ দিল্লী গাঁৱত পঞ্চভূতত বিলীন হ’ল দুৰ্লভ গগৈ৷ আজি দুয়োৰে শেষকৃত্য সম্পন্ন কৰা হয় সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে৷ বাঘজানৰ অগ্নিকুণ্ডৰ মাজৰ পৰা তুলি অনা অয়ল কৰ্মচাৰী দুজনৰ মৃতদেহ আজি পুৱাৰ ভাগত শোকাকুল অৱস্থাৰ মাজতে তুলি দিয়া হয় চিতাত৷ অশ্ৰুশিক্ত নয়নেৰে অগনন সহকৰ্মী, আত্মীয়, সাধাৰণ ৰাইজ আৰু দল-সংগঠনৰ প্ৰতিনিধিয়ে বিদয়া দিয়ে দুইজনকে৷ জনপ্ৰিয় ফুটবল খেলুৱৈ দুৰ্লভ গগৈৰ নশ্বৰ দেহ নামৰূৰ গান্ধী ময়দান আহি পোৱাৰ পিছতেই শোকত ভাগি পৰে সমবেত লোকসকল৷ সকলোৱে পুষ্পবৃষ্টিৰে ওপচাই দিয়ে দুৰ্লভৰ নিথৰ দেহ৷ ইয়াৰ পিছতেই দিল্লী গাৱৰ নিজ বাসগৃহৰ সমীপতে সমাধিস্থ কৰা হয় দুৰ্লভক৷ বিপৰতে টিপলিঙৰ ৰাজহুৱা শ্মশানত সমাধিস্থ কৰা হয় তিখেশ্বৰ গোহাঁইক৷