Local, Vocal, Global

গুপ্তধনৰ লোভত পৰিয়ালৰ ৫ শিশুক বলিৰ অপচেষ্টা

কালি পূজাৰ দিনাই শিৱসাগৰৰ ডিমৌত সংঘটিত  হৈছে ভয়ংকৰ ঘটনা। অন্ধ বিশ্বাসৰ বলি হৈ নিজ পুত্ৰক বলি দিবলৈ উদ্যত হৈছিল পিতৃ। উল্লেখযোগ্য যে কালি পূজাৰ দিনাই অৰ্থাত শনিবাৰে নিশা ১২ বজাত ৫ টিকৈ দেৱশিশুক বলি দিবলৈ সাজু কৰি তুলা হৈছিল। কিন্তু অৱেশষত ৰাইজৰ তৎপৰতাত প্ৰাণৰক্ষা পৰে শিশু কেইিটৰ। বেজৰ পৰামৰ্শমতে শিশুকেইটিক বলি দিবলৈ সাজু কৰি তুলিছিল জামিউল হুছেইন আৰু চৰিফুল হুছেইনে কিয়নো বেজে কৈছিল যে জামিউল আৰু ছৰিফুলৰ ঘৰৰ চৌহদত থকা এজোপা আম তলত সোণৰ সামগ্ৰী আছে ৷ যদিহে তেওঁলোকে নিজৰ সন্তান নৰ বলি দিয়ে তেতিয়া এই সোনৰ সামগ্ৰী সমুহ উদ্ধাৰ কৰিব পাৰিব আৰু এই গুপ্ত ধনৰ লোভতেই নিজ সন্তানৰ লগতে আন ৪ টি শিশুক বলি দিবলৈ আগবািঢ়িছিল  এই ঘটনা সন্দৰ্ভত তিনিগৰাকী লোকক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছে। আটকাধীন লোক কেইজন জামিউল হুছেইন ,চৰিফুল হুছেইন ,আয়েছা বেগম। ইফালে জমিউল হুছেইন  আৰু চৰিফুল হুছেইন ককাই-ভাই বুলি জানিব পৰা গৈছে।৫ টিকৈ শিশুক উদ্ধাৰৰ পাছতেই এতিয়া অঞ্চলটোত সৃষ্টি হৈছে  তীব্ৰ চাঞ্চল্যৰ।