- প্ৰয়াত অশ্চিনী চেতিয়াৰ পত্নীসহ পৰিয়ালৰ ১৩ গৰাকীৰ দেহত ক’ভিড১৯ পজিটিভ
- শিৱসাগৰ জিলাত ক্ৰমাৎ বাঢ়িছে ক’ভিড১৯ আক্ৰান্তৰ সংখ্যা
- শুকুৰবাৰে অহা স্বাৱ পৰীক্ষাৰ ফলাফলত নতুনকৈ ১৭ গৰাকী লোক আক্ৰান্ত হৈছে
- সদ্য প্ৰয়াত সংগ্ৰামী নেতা অশ্বিনী চেতিয়াৰ পত্নীসহ পৰিয়াল তথা ঘনিষ্ঠ ১৩ গৰাকী লোক ক’ভিড পজিটিভ
- পত্নী পল্লৱী চেতিয়া (৩২), ভগ্নী মধুস্মিতা স্বৰ্ণকাৰ (৩৯) ভগ্নী, ভনী জোঁৱাই চন্দ্ৰকমল স্বৰ্ণকাৰ (৪৪), খুলখালি মিনাক্ষী দেৱী (৩০), ককায়েক ৰঞ্জিত চেতিয়া (৫৫), বৌয়েক অসমী চেতিয়া (৩৮), ভতিজা অৰিন্দম ওৰফে অনিৰ্বাণ চেতিয়া (৩), পৰিয়ালৰ ক্ৰমে মিন্টু চেতিয়া (৪৫), ববিতা চেতিয়া (৪০), দীপ কুমাৰ (৪৫), ৰিতামণি চেতিয়া (৩৭), মণি চেতিয়া (৪৪), দীপা চেতিয়া (৪৫) লগতে লক্ষ্মীনগৰৰ নিবাসী ঘনিষ্ঠ বন্ধু জিতু শইকীয়া (৪২)
- অৱশ্যে প্ৰয়াত অশ্বিনী চেতিয়াৰ শেষকৃত্যত অংশগ্ৰহণ কৰা পাছতে ইতিমধ্যে স্বাৱ টেষ্ট কৰোৱা মন্ত্ৰী, সাংসাদ, বিধায়ক, ৰাজনৈতিক নেতা, প্ৰশাসন আৰু আৰক্ষী বিষয়াসকলৰ লগতে সাংবাদিক সকলৰ ফলাফল নিগেটিভ পোৱা গৈছে