Local, Vocal, Global

ডিব্ৰুগড়ত ক’ভিড আক্ৰান্ত আৰক্ষীৰ পলায়ন

পলাতক এজন ক’ভিড আক্ৰান্ত আৰক্ষীৰ লোক৷ পলাতক আৰক্ষীৰ হাবিলদাৰ পৰ্যায়ৰ লোকজন হৈছে ডিম্বেশ্বৰ দিহিঙ্গীয়া ৷ গোৱালপাৰাত কৰ্মৰত দিহিঙ্গীয়াৰ ঘৰ ডিব্ৰুগড়ৰ ডিবোৱালত ৷ ডিম্বেশ্বৰ দিহিঙ্গীয়া গোৱালপাৰাত কৰ্মৰত হৈ থাকোতেই ক’ভিড পৰীক্ষাৰ বাবে লোৱা হৈছিল স্বোৱাব ৷ কিন্তু স্বোৱাব টেষ্টৰ ফলাফল অহাৰ পূৰ্বেই ডিম্বেশ্বৰ দিহিঙ্গীয়া গুচি আহিছিল ডিব্ৰুগড়ৰ ডিবোৱালৰ ঘৰলৈ ৷

বুধবাৰে দিহিঙ্গীয়াৰ স্ৱোৱাব টেষ্টৰ ফলাফল আহিল পজিটিভ ৷ ফলাফল পজিটিভ অহাৰ পিছতেই ডিম্বেশ্বৰ দিহিঙ্গীয়াক ডিব্ৰুগড়়ৰৰ ঘৰত বিচাৰি গৈছিল স্বাস্থ্য বিভাগৰ এটা দল৷ কিন্তু দিহিঙ্গীয়াৰ পৰিয়ালৰ লোকে সদৰী কৰা মতে তেওঁ শিৱসাগৰ ডিমৌৰ বৰুৱা চাংমাই গাঁৱৰ খুলখালিয়েকৰ ঘৰলৈ গৈছে৷ স্বাস্থ্য বিভাগৰ দলটোৱে ডিমৌৰ খুলখালিয়েকৰ ঘৰতো বিচাৰি গৈ নাপালে ডিম্বশ্বৰ দিহিঙ্গীয়াক৷ স্বাস্থ্য বিভাগৰ দলটো যোৱাৰ পূৰ্বেই তাৰ পৰা আঁতৰি গৈছিল দিহিঙ্গীয়া ৷ এতিয়াও দিহিঙ্গীয়াক বিচাৰি পোৱা নাই স্বাস্থ্য বিভাগৰ দলটোৱে৷ বৰ্তমান আৰক্ষীৰ সহায় লৈছে শিৱসাগৰ স্বাস্থ্য বিভাগে ৷