Sipajhar News:দৰঙৰ কছাৰীঝাৰত নিশাই গোট খালে শ শ লোক;মোতায়েন কৰিব লগীয়া হ’ল আৰক্ষী-অৰ্ধ সামৰিক বাহিনী,কিন্তু কিয়?
ছিপাঝাৰ,৫ডিচেম্বৰ : দৰঙৰ কছাৰীঝাৰত নিশাই গোট খালে শ শ লোক। মোতায়েন কৰিবলগীয়া হ’ল আৰক্ষী-অৰ্ধ সামৰিক বাহিনী।ৰাইজে কৰায়ত্ব কৰা দুটা চোৰক উদ্ধাৰ কৰিবলৈ আহি আৱদ্ধ হৈ থাকিল চোৰসহ আৰক্ষীৰ লোক(Sipajhar News)।
বুধবাৰে নিশা ৯ বজাত এটা চুৰি ছাগলীসহ স্থানীয় লোকে কৰায়ত্ব কৰে দুজন চোৰক। ইয়াৰ পাছতে উত্তপ্ত হৈ পৰে অঞ্চলটো।ঘটনাস্থলীত উপস্থিত হয় দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু ছিপাঝাৰ সম জিলাৰ সহকাৰী আয়ুক্তগৰাকী।দোষীক উপযুক্ত শাস্তি বিহাৰ প্ৰতিশ্ৰুতিৰে আৰক্ষীয়ে লৈ যায় চৰ অঞ্চলৰ পৰা আহি চুৰি কাৰ্যত লিপ্ত হোৱা দুই চোৰক।
লগতে পঢ়ক :Self Reliance through Farming:খেতিৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ মুকলি এজন যুৱকৰ