side effects of drinking milk tea in morning : ৰাতিপুৱা খালী পেটত গাখীৰ চাহ খালে শৰীৰৰ কিমান ক্ষতি কৰে, আপুনি বাৰু জানেনে ?
প্ৰতিজন মানুহৰে চাহ প্ৰিয়। বহুতৰে ৰাতিপুৱা শুই উঠি গাখীৰ চাহ খাই আৰু বহুতেই ৰাতিপুৱা ৰঙা চাহ খোৱাটো পছন্দ কৰে । বিশেষকৈ, শীতকালত অধিকাংশ লোকেই পুৱা-গধূলি, সকলো সময়তে কেৱল চাহকেই সংগী কৰি লয়। কিন্তু ৰাতিপুৱা খালী পেটত গাখীৰ চাহ খালে শৰীৰৰ কিমান ক্ষতি কৰে, আপুনি জানেনে ? হয়, ৰাতিপুৱা খোৱা ৰঙা চাহে আপোনাৰ ক্ষতি কৰিব পাৰে ।
আহক আজি আমি গাখীৰ চাহৰ স্বাস্থ্য অপকাৰিতাৰ বিষয়ে জানো( side effects of drinking milk tea in morning)
কোষ্ঠকাঠিন্য
চাহত কেফেইনৰ উপৰিও থিঅ’ফিলিন থাকে। অত্যাধিক চাহ খোৱাটোৱে শৰীৰক ডিহাইড্ৰেট কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে।
পেটৰ সমস্যা
অত্যাধিক গাখীৰ চাহ খালে পেটৰ সমস্যা হোৱাটো খুবেই স্বাভাৱিক। হয়, চাহত কেফেইন থাকে, যিয়ে পেট ফুলাৰ সমস্যাৰ সৃষ্টি কৰে। যেতিয়া চাহত গাখীৰ দিয়া হয়, তেতিয়া দুয়োটাই গেছ উৎপাদন বৃদ্ধি কৰিব পাৰে। চাহত পোৱা টেনিনবোৰে পাচন তন্ত্ৰক যথেষ্ট পৰিমাণে ক্ষতি কৰে, যি পেটৰ বিষৰ কাৰণ হৈ পৰে।
উদ্বেগ
যদি আপুনি অত্যাধিক চিন্তা কৰে বা চাপত থাকে তেনেহ’লে গাখীৰ চাহ খালে ই আপোনাৰ পৰিস্থিতি অধিক বেয়া কৰিব পাৰে। সেয়েহে যদিহে আপুনি ইতিমধ্যে অনিদ্ৰা আৰু ইয়াৰ লক্ষণত ভুগি আছে, গাখীৰ চাহ খোৱা পৰিহাৰ কৰিব।
ডিহাইড্ৰেচন
গাখীৰ চাহ খোৱাৰ ফলত শৰীৰত ডিহাইড্ৰেচন হয়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে ইয়াত থকা কেফেইন। সেয়েহে খালী পেটত কেতিয়াও গাখীৰ চাহ নাখাব।বিশেষকৈ চেনী দিয়া গাখীৰ চাহ ভুলতো মুখত নিদিব।
মুৰৰ বিষ
শৰীৰত ডিহাইড্ৰেচনৰ ফলত মুৰৰ বিষ হয়। সেয়েহে, অত্যাধিক গাখীৰ আৰু চেনী চাহ খোৱা পৰিহাৰ কৰিব লাগে।
উচ্চ ৰক্তচাপ
অত্যাধিক গাখীৰ চাহ খালে শৰীৰত ৰক্তচাপ বৃদ্ধি হয়। ৰক্তচাপৰ ফলত বহুতো স্বাস্থ্য সমস্যা হ’ব পাৰে, যিসমূহ নিয়ন্ত্ৰণ কৰাটো খুবেই কঠিন। উচ্চ ৰক্তচাপৰ ফলত হৃদযন্ত্ৰৰ সমস্যা হয়, যাৰ ফলত হৃদযন্ত্ৰৰ আক্ৰমণ হ’ব পাৰে।