Local, Vocal, Global

মহানগৰীত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, ২৭ আগষ্ট : শুকুৰবাৰে নিশা গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেঁতোৰ তলত তেজেৰে লুতুৰী পুতুৰী হৈ থকা অৱস্থাত এজন লোকক উদ্ধাৰ কৰা হৈছিল।

সন্দেহ কৰা হৈছে যে মানুহজনক হত্যাৰ উদ্দেশ্যৰে তীক্ষ্ণ বস্তুৰে দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। সৌভাগ্যক্ৰমে, স্থানীয় লোকে প্ৰতক্ষ্য কৰা সময়লৈকে তেওঁ উশাহ লৈ আছিল ।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চিকিৎসাৰ বাবে তেওঁক এখন চিকিৎসালয়লৈ লৈ গৈছিল। তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু সুস্থিৰ বুলি কোৱা হৈছে।

আহত লোকজনক তৃতীয় অসম আৰক্ষী টাস্ক ফ’ৰ্চ (APTF) বেটেলিয়নৰ কনিষ্টবল কাকুল কোঁৱৰ বুলি চিনাক্ত কৰা হৈছে।

ইফালে, দিছপুৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে আৰু CCTV ফুটেজো পৰীক্ষা কৰা হৈছে।

প্ৰাথমিক তথ্যত এইটো হত্যাৰ চেষ্টাৰ ঘটনা যেন লাগিছে। অৱশ্যে, ঘটনাটোৰ আঁৰৰ প্ৰকৃত কাৰণ পুংখানুপুংখ তদন্তৰ পিছত জানিব পৰা যাব।