নগাঁৱত সংঘটিত জঘন্য ঘটনা !অচেতন অৱস্থাত উদ্ধাৰ নৱম শ্ৰেণীৰ ছাত্ৰী…

ডিজিটেল ডেস্ক:- নগাঁৱত সংঘটিত হৈছে আন এক জঘন্য ঘটনা ।শুকুৰবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মুমূৰ্ষ অৱস্থাত উদ্ধৰ কৰে এগৰাকী কিশোৰীক।অচেতন অৱস্থাত কিশোৰীগৰাকীক উদ্ধৰ কৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।জানিব পৰা মতে, কিশোৰী গৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী আছিল।
উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়াই প্ৰায় ৭ বজাত কিশোৰীগৰাকীক এগৰাকী বান্ধৱীৰ সৈতে গুলজাৰ হুছেইন আৰু কুদ্দুছ আলী নামৰ কচুঁৱাৰ দুই যুৱকে এখন ইণ্ডিকা বাহনত ফুৰাবলৈ লৈ গৈছিল।জানিব পৰা মতে গুলজাৰ হুছেইন কিশোৰীগৰাকীৰ সম্পৰ্কীয় ভিনিহীয়েক ।কিন্তু ফুৰিবলৈ যোৱাৰ কিছু দূৰ যোৱাৰ পাছত কিশোৰীগৰাকীৰ বান্ধৱীগৰাকীক গাড়ীৰ পৰা নমাই দিয়ে।ইয়াৰ পিছতে কিশোৰীগৰাকীক নিচাজাতীয় দ্ৰব্য খুৱাই কোনো অচিন ঠাইলৈ লৈ যায় গুলজাৰ হুছেইন আৰু কুদ্দুছ আলীয়ে।নিশা প্ৰায় ৯ মান বজাত ৰাঙলু চাহ বাগিছাৰ সমীপত কিশোৰীগৰাকীক ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে গাড়ীৰ পৰা পেলাই দুই দুষ্কৃতিকাৰীয়ে পলায়ন কৰে।অচেতন অৱস্থাত থকা কিশোৰীগৰাকীক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীৰ লগতে পৰিয়ালৰ লোকক খবৰ দিয়ে।ইয়াৰ পিছতে আৰক্ষী আৰু পৰিয়ালৰ লোকে কিশোৰীগৰাকীক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।
কিশোৰাগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাইছে বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে।জানিব পৰা মতে, নগাঁৱৰ আৰক্ষীয়ে ইতিমধ্যে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে।বৰ্তমান পলাতক অৱস্থাত আছে গুলজাৰ হুছেইন আৰু কুদ্দুছ আলী ।পলাতক অৱস্থাত থকা গুলজাৰ হুছেইন আৰু কুদ্দুছ আলীক বিচাৰি নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।