বিধায়ক শ্বেৰমান আলীক দলৰ পৰা নিলম্বন প্ৰদেশ কংগ্ৰেছৰ আৰক্ষীৰ জিম্মাত আছে শ্বেৰমান আলী আহমেদ।
বিধায়ক শ্বেৰমান আলীক দলৰ পৰা নিলম্বন কৰিলে প্ৰদেশ কংগ্ৰেছে। শ্বহীদক লৈ অপমানসূচক মন্তব্য কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাঘবৰৰ বিধায়কজনক। বৰ্তমান আৰক্ষীৰ জিম্মাত শ্বেৰমান আলী । তাৰ পিছতে প্ৰদেশ কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰে বিধায়কজনক।
উল্লেখযোগ্য যে ২০১১ চনত AIUDF ৰ প্ৰাৰ্থী হিচাপে বাঘবৰৰ পৰা নিৰ্বাচিত হৈছিল । ২০১৬- ২০২১ চনত কংগ্ৰেছৰ পৰা বাঘবৰ সমষ্টিত নিৰ্বাচিত হৈছিল।