Local, Vocal, Global

বিশ্বত নিধন কৰা হব ৫লাখ শ্বাৰ্ক

পৰিৱেশপ্ৰেমীসকলৰ বাবে এক উদ্ৱেগজনক খবৰ৷ বিশ্বত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ’নাৰ পৰা পৰিত্ৰাণ বিচাৰি যাওতে পৰিৱেশ তন্ত্ৰলৈ নামি আহিছে এটি উদ্বেগজনক খবৰ৷ কৰ’নাৰ ভেকচিন প্ৰস্তুতৰ বাবে নিধন কৰা হ’ব ৫ লাখ শ্বাৰ্ক৷

সম্প্ৰতি সমগ্ৰ বিশ্বৰ চিকিৎসা বিজ্ঞান তথা গৱেষক ব্যস্ত মহামাৰী কৰ’নাৰ ভেকচিন প্ৰস্তুতত৷ কিন্তু ভেকচিন প্ৰস্তুতৰ সময়তে বিশ্ববাসীৰ লগতে প্ৰকৃতিপ্ৰেমীলৈ আহিছে এক উদ্বেগজনক খবৰ৷ মহামাৰী কৰ’নাৰ ভেকচিন প্ৰস্তুত কৰাৰ বাবে ব্ৰিটিছ গৱেষণা কেন্দ্ৰ গ্লাস্ক’স্মিথ ক্লাইমে ব্যৱহাৰ কৰিব শ্বাৰ্কৰ যকৃত পোৱা এবিধ বিশেষ তেল৷ উল্লেখ্য যে শ্বাৰ্কৰ যকৃতত স্কোৱালিন নামৰ এবিধ বিশেষ তেল পোৱা যায়৷ আৰু এই তেলৰ বাবেই হত্যা কৰা হ’ব শ্বাৰ্ক৷ লক্ষ্যণীয় যে এক টন স্কোৱালিনৰ বাবে প্ৰয়োজন হয় প্ৰায় ৩ হাজাৰ শ্বাৰ্ক৷ ব্ৰিটিছ গৱেষণা কেন্দ্ৰটোৱে মাৰ্চ মাহলৈ এক বিলিয়ন ড’জ প্ৰস্তুত কৰাৰ প্ৰচেষ্টা হাতত লৈছে৷

শ্বাৰ্ক এলায়েন্স নামৰ এটা সংস্থাই দাবী কৰিছে যে যদিহে বিশ্বৰ প্ৰতিগৰাকী কৰ’না আক্ৰান্তক দুটোপালকৈ তেন্তে প্ৰয়োজন হ’ব প্ৰায় ৫ লাখ শ্বাৰ্কৰ নিধনৰ৷ আৰু এই কথাই এতিয়া বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ মাজত উদ্বিগ্নতা সৃষ্টি কৰিছে৷