Local, Vocal, Global

৫৪ বছৰ বয়সত শ্বাহৰুখ খানৰ দ্বিতীয় প্ৰেম;বলীউডৰ কিং খানক মোহিত কৰিছে কোনে?

ডিজিটেল ডেস্কঃ- বলীউড তথা হিন্দী চিনেমা জগতৰ অন্যতম জনপ্ৰিয় তথা সফল অভিনেতা শ্বাহৰুখ খানৰ অভিনীত পাঠান চিনেমাই ইতিমধ্যে দৰ্শকৰ মাজত অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছে। ব্যৱসায়িক দিশৰ পৰাও সম্পূৰ্ণভাৱে সফল হৈছে পাঠান। একাংশ তথাকথিত হিন্দুত্ববাদী সংগঠনে প্ৰবল বিৰোধ কৰা স্বত্বেও সমগ্ৰ দেশতে বহুলভাৱে প্ৰদৰ্শিত হল এই চিনেমাখন। মূলতঃ শ্বাহৰুখ খানৰ জনপ্ৰিয়তাৰ বাবেই পাঠান চলচ্চিত্ৰখন সফল হোৱা বুলি চিত্ৰ সমালোচকসকলে ইতিমধ্যে মতপ্ৰকাশ কৰিছে। কিন্তু তাৰ মাজতো শেহতীয়াকৈ শ্বাহৰুখ খানক লৈ আৰম্ভ হৈছে আন এক বিতৰ্ক তথা চাঞ্চল্য।

পাঠান চিনেমা বৰ্জন সম্পৰ্কীয় বিষয়ৰ ওপৰত মতপ্ৰকাশ কৰিবলৈ গৈ অলপতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে সংবাদমাধ্যমৰ ওচৰত অকপটে স্বীকাৰ কৰিছিল যে শ্বাহৰুখ খানৰ সৈতে তেওঁৰ তথা তেওঁৰ পৰিয়ালৰ ২৫ বছৰীয়া গভীৰ সম্পৰ্ক আছে।

অন্য অৰ্থত শ্বাহৰুখ খান আৰু স্মৃতি ইৰাণীৰ ২৫ বছৰীয়া বন্ধুত্বৰ কথাও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজেই ৰাজহুৱা কৰিছিল। অৱশ্যে সেই সম্পৰ্ক প্ৰেমৰ নে সাধাৰণ ঘৰুৱা সম্পৰ্ক, সেইটো আজিও স্পষ্ট নহল।

কিন্তু অতি শেহতীয়াভাৱে আন এগৰাকী নাৰীৰ প্ৰতি শ্বাহৰুখন আকৃষ্ট হৈ পৰিছে। কেৱল সিমানেই নহয়, এই নাৰীগৰাকীৰ প্ৰতি কিং খানৰ দুৰ্বলতাৰ কথাও ইতিমধ্যে সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াত অপ্ৰকাশিত হৈ থকা নাই। দেশৰ অন্যতম জনপ্ৰিয় ফিল্মষ্টাৰ গৰাকীয়ে এই বিশেষ নাৰীগৰাকীৰ টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ একাউণ্ট ফলো কৰাটো যথেষ্ট লক্ষণীয় হৈছে।

যোৱা কিছুদিনৰ পৰা শ্বাহৰুখ খানে এইগৰাকী নাৰীৰ টুইটাৰ একাউণ্ট দিনটোত বহুবাৰ ফলো কৰাৰ তথ্যও ৰাজহুৱা হৈছে। অন্য অৰ্থত ৫০ উৰ্ধৰ জনপ্ৰিয় অভিনেতাগৰাকী এগৰাকী নাৰীৰ প্ৰতি হঠাত আকৃষ্ট হৈছে। শ্বাহৰুখ খানৰ এই সম্পৰ্ক তথা দুৰ্বলতাৰ তথ্য পত্নী গৌৰী খানৰো অবিদিত নহয় বুলি সামাজিক মাধ্যমত প্ৰকাশিত হৈছে। যিগৰাকী অভিনেতাৰ সামান্য দৰ্শন বা সাক্ষাৎ পাবলৈ তেওঁৰ লক্ষ লক্ষ অনুগামী অধীৰ আগ্ৰহেৰে ৰৈ থাকে, তেওঁৰ উপস্থিতিয়ে যি সময়ত লক্ষ লক্ষ অনুগামীক প্ৰায় উন্মাদ কৰি তোলে, সেইগৰাকী অভিনেতাক মোহাচ্ছন্ন তথা আকৃষ্ট কৰিবলৈ সক্ষম হোৱা নাৰীগৰাকী কোন?

৫৪ বছৰ বয়সতো শ্বাহৰুখ খানৰ দৰে এগৰাকী সফল আৰু অভূতপূৰ্ব জনপ্ৰিয়তা থকা অভিনেতাই দিনটোত ১০বাৰলৈ এগৰাকী নাৰীৰ টুইটাৰ আৰু ইনষ্টাগ্ৰাম একাউণ্ট ফলো কৰিবলগীয়া হৈছে কিয়।

কোন সেই নাৰী, যিগৰাকীয়ে শ্বাহৰুখ খানৰ দৰে অতি সফল পুৰুষকো আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। এয়া নাৰীগৰাকীৰ প্ৰতি থকা শ্বাহৰুখ খানৰ প্ৰেম নহয় কি? হিন্দী চিনেমা জগতত এইগৰাকী অঘোষিত সম্ৰাটক নিজৰ ব্যক্তিত্ব আৰু সৌন্দৰ্যৰে আকৃষ্ট কৰিবলৈ সক্ষম হোৱা নাৰীগৰাকীৰ প্ৰকৃত পৰিচয় কি।

বলীউড চিনেমা জগতত কিং খান হিচাপে পৰিচিত শ্বাহৰুখ খানক আকৃষ্ট তথা বশ কৰিবলৈ সক্ষম হোৱা নাৰীগৰাকীৰ নাম ডিন পাণ্ডেন। সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াত প্ৰকাশত বাতৰি অনুসৰি জনপ্ৰিয় অভিনেতাগৰাকীয়ে ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামত সকলো সময়তে ডিন পাণ্ডেক ফলো কৰে। কেৱল সিমানেই নহয়, শ্বাহৰুখ খানে নিজে ফোন কৰি ডিন পাণ্ডেৰ লগত যোগাযোগ কৰা বুলিও ছচিয়েল মিডিয়াত প্ৰকাশিত হৈছে।

এইখিনিতে প্ৰশ্ন হয়, এই নাৰীগৰাকীৰ প্ৰতি শ্বাহৰুখ খানৰ ইমান প্ৰবল আকৰ্ষণ হৈছে কিয়। প্ৰাপ্ত তথ্য অনুসৰি ডিন পাণ্ডে পেচাত এগৰাকী ফিটনেচ প্ৰশিক্ষক। তেওঁ বিভিন্ন অনুষ্ঠানৰ জৰিয়তে শৰীৰ চৰ্চা আৰু সুস্বাস্থ্যৰ প্ৰশিক্ষণ দিয়ে। কিন্তু সেই বুলিয়েই শ্বাহৰুখ খান তেওঁৰ প্ৰেমত পৰিছে নেকি।

প্ৰকাশিত তথ্য অনুসৰি ডিন পাণ্ডে শাৰীৰিক প্ৰশিক্ষকৰ উপৰিও জলবায়ু আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা কাৰ্যতো ওতঃপ্ৰোতভাৱে জড়িত থাকে। শেহতীয়াকৈ ৰাজস্থানৰ কেইবাটাও অঞ্চলত এইগৰাকী নাৰীয়ে নিজস্ব উদ্যোগত বনানিকৰণৰ কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰিছে।

একেসময়তে তেওঁ জলবায়ুৰ পৰিৱৰ্তন আৰু প্ৰকৃতি ৰক্ষাৰ কাৰ্যসূচীও সমান্তৰালভাৱে চলাই আছে। ডিন পাণ্ডেৰ ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰাম একাউণ্ট এনে ফটোৰে ভৰি থাকে। কিন্তু আচৰিত কথাটো হল ডিন পাণ্ডে নিজৰ টকা পইচা খৰচ কৰি ৰাজস্থান, পাঞ্জাৱ আৰু দিল্লীত পাঠান চিনেমাৰো প্ৰচাৰ চলাইছিল।

শেহতীয়াকৈ প্ৰকাশিত আন এক তথ্য অনুসৰি ১৯৯৪ চনত ডিন পাণ্ডে শ্বাহৰুখ খানৰ লগত এখন চিনেমাতো অভিনয় কৰিছিল। শ্বাহৰুখ খানৰ ঘনিষ্ঠ সূত্ৰৰ উদ্ধৃতি দি সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি শ্বাহৰুখ আৰু ডিন পাণ্ডেৰ সম্পৰ্ক ১৯৯২ চনতে আৰম্ভ হৈছিল। আৰু তেতিয়াৰ পৰাই অভিনেতাগৰাকীয়ে এইগৰাকী নাৰীৰে সুসম্পৰ্ক ৰক্ষা কৰি অহা বুলিও প্ৰকাশিত হৈছে বাতৰি।

ডিন পাণ্ডেৰ জন্ম হৈছিল ১৯৬৮ৰ ১০ ডিচেম্বৰত। মুম্বাইত জন্মলাভ কৰা ডিন পাণ্ডেৰ পিতৃ এগৰাকী ভাল নামকৰা খেলুৱৈ আছিল। ডিন পাণ্ডে এবছৰ সময় অষ্ট্ৰেলিয়াত থাকি শৰীৰ আৰু সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণো লৈছিল। ডিন পাণ্ডেৰ অধীনত শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ লোৱাসকলৰ ভিতৰত আছে বিপাশা বসু, ছলমান খান, ছোহেইল খান, প্ৰীতি জিণ্টা, লাৰা দত্ত আৰু অক্ষয় কুমাৰৰ দৰে সফল অভিনেতা-অভিনেত্ৰী। শ্বাহৰুখ খানক আকৃষ্ট কৰিবলৈ সক্ষম হোৱা ডিন পাণ্ডে শ্বাটআপ এণ্ড ট্ৰেইন আৰু আই এম নট ষ্ট্ৰেছড নামৰ দুখন ইংৰাজী গ্ৰন্থও ৰচনা কৰিছিল। এই দুয়োখন গ্ৰন্থৰ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল শ্বাহৰুখ খান। ১৯৯৪ চনৰ মাৰ্চ মাহত ডিন পাণ্ডে এগৰাকী ব্যৱসায়ীৰ সৈতে বিবাহ পাশতো আৱদ্ধ হয়। কিন্তু তাৰ পিছতো শ্বাহৰুখ খান আৰু ডিন পাণ্ডেৰ সম্পৰ্ক অব্যাহত থাকে।

আৰু অতি শেহতীয়াভাবে অভিনেতাগৰাকীয়ে ৰাজহুৱাভাৱে নিজেই প্ৰকাশ কৰিছে এইগৰাকী নাৰীৰ প্ৰতি থকা তেওঁৰ দুৰ্বাৰ আকৰ্ষণ আৰু আগ্ৰহ। অভিনেতাগৰাকীৰ মানসিক পছন্দ আৰু অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি পত্নী গৌৰী খানেও এই সম্পৰ্কত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অন্য অৰ্থত জীৱনত প্ৰেমৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ পত্নী গৌৰী খানে কিং খানক পৰোক্ষভাৱে হলেও অনুপ্ৰেৰণা যোগাইছে নেকি?

অৱশ্যে শ্বাহৰুখ খান আৰু ডিন পাণ্ডেৰ মাজত থকা সম্পৰ্কৰ প্ৰকৃত স্বৰূপ প্ৰকট হবলৈ হয়তো আৰু কিছু সময়ৰ প্ৰয়োজন হব। কিন্তু তাৰ পিছতো শ্বাহৰুখ খানৰ দ্বিতীয় প্ৰেমক লৈ উত্তাল হৈছে বলীউড।