Shah Rukh Khan in Jawan : ‘জোৱান’ৰ ট্ৰেইলাৰত শ্বাহৰুখ খানৰ মূৰত টেটু, দেৱানগৰীত কি লিখা আছে …?
এণ্টাৰটেইণ্টমেণ্ট ডেস্ক , ১৬ জুলাই : শীঘ্ৰে মুকলি পাব ‘জোৱান’ । শ্বাহৰুখ খানৰ ছবি ‘জোৱান’ চলিত বৰ্ষৰ অন্যতম প্ৰত্যাশিত ছবি(Shah Rukh Khan in Jawan)। এটলীৰ নেতৃত্বত ছবিখনৰ নিৰ্মাতাসকলে শেহতীয়াকৈ ট্ৰেইলাৰ মুকলি কৰিছিল যিটো নিমিষতে ভাইৰেল হৈ পৰিছিল । সকলোকে আচৰিত কৰাইছিল শ্বাহৰুখ খানৰ আগতে কেতিয়াও দেখা নোপোৱা চাৱনিয়ে । ছুপাৰষ্টাৰগৰাকীয়ে প্ৰথমবাৰৰ বাবে ব্যতিক্ৰমি ৰূপ বাছি লৈছিল যিয়ে ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছিল। আমোদজনক কথাটো হ’ল যে অনুৰাগীসকলে শ্বাহৰুখৰ চেভ কৰা মূৰত এটা টেটু দেখা পাইছিল যিটো এতিয়া ডিকোড কৰা হৈছে ।
কেইবাবাৰো স্থগিত ৰখাৰ পিছত অৱশেষত ডাঙৰ পৰ্দাত আহিবলৈ ওলাইছে শ্বাহৰুখ খানৰ ছবি ‘জোৱান’(Shah Rukh Khan in Jawan)। আৰু ইতিমধ্যে এই ছবিখনৰ ট্ৰেইলাৰত শ্বাহৰুখ খানৰ চেহেৰাই দৰ্শকৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে। কাৰণুকটও ছবিত চুলি ক্ষুৰাই থোৱা শ্বাহৰুখৰ মূৰত দেখা পোৱা গৈছে এটা বিশেষ টেটু । কিন্তু সেই টেটুত কি লিখা আছে সেয়া ইতিমধ্যে পোহৰলৈ আহিছে ।
চাৰি বছৰৰ অপেক্ষাৰ অন্তত এবছৰত তিনিখন ছবিৰ কথা ঘোষণা কৰিছে শ্বাহৰুখ খানে । তাৰ ভিতৰত প্ৰথমখন ছবি ‘পাঠান’ । এটা গানৰ গেৰুৱা ৰঙৰ কাপোৰৰ বোবে বহু বিৰ্তকিত হৈ পৰিছিল ছবিখন তথাপিও মুক্তিৰ পিছত হিট হৈ পৰিছিল পাঠান ছবিখন ।
ইয়াৰ পিছতে শ্বাহৰুখ খানৰ দ্বিতীয় ছবি ‘জোৱান’ৰ মুক্তি পাব । আৰু জোৱানত শ্বাহৰুখৰ বিপৰীতে দক্ষিণৰ অভিনেত্ৰী নয়ন্তৰাক নায়িকা হিচাপে দেখা যাব । লগতে দেখা যাব মোহময়ী অভিনেত্ৰী ছানিয়া মালহোত্ৰাক ।
৭ ছেপ্টেম্বৰত একাধিক ভাষাত মুক্তি লাভ কৰিব জোৱান ছবিখন । এই ছবিখনৰ প্ৰিভিউ চালেই বুজা যায় যে কিং খানক ছবিখনত একাধিক ৰূপত দেখা যাব । ছবিখনত কেতিয়াবা কিং খানে কেমেৰাৰ সন্মুখত মুখখন তেজেৰে দাগ পৰা বেণ্ডেজেৰে ঢাকি থোৱা, কেতিয়াবা মাস্ক পিন্ধি, কেতিয়াবা সম্পূৰ্ণ চুলি কাটি লোৱা অৱস্থাত দেখা যাব।
এই দৃশ্যক লৈ চচিয়েল মিডিয়াত ব্যাপক চৰ্চা চলি আছে । ইয়াৰ মাজতে শ্বাহৰুহ খানৰ তপা মূৰত দেখা গাছে এটা টেটু । সেই টেটুটোত কি লিখা আছে সেয়া অনুৰাগীসকলৰ বাবে অতি আগ্ৰহী বিষয় হৈ পৰিছে ।
চিনেমাখনৰ ট্ৰেইলাৰ চালে শ্বাহৰুখ খানৰ মূৰত কি অংকন অথবা লিখা আছে সেয়া স্পষ্ট নহয় । কিন্তু তাৰ মাজতে সকলো ৰহস্য পোহৰলৈ আনি ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমত এটা পোষ্ট ।
ভাইৰেল ছবিখনত শ্বাহৰুহ খানৰ মূৰৰ টেটুত দেৱনাগৰী লিপিত লিখা আছে ‘মা জগত জননী’।
ছবিখন চোৱাৰ পাছত দৰ্শকে অনুমান কৰিছে যে শ্বাহৰুখৰ মূৰত থকা এই টেটুটোৰ সৈতে ছবিখনৰ নিশ্চয় গভীৰ সম্পৰ্ক আছে । কিন্তু সম্প্ৰতি নিশ্চিতকৈ জনা হোৱা নাই ।
অৱশ্যে বহুদিনৰ মূৰত শ্বাহৰুখ খানৰ মাজত পুৰণি খলনায়কৰ ভাবমূর্তি বিচাৰি পাই অনুৰাগীসকলে অতিশয় ৰোমাঞ্চিত অনুভৱ কৰিছে ৷
লগতে পঢ়ক : Miracle in Israel : চিকিৎসকে এগৰাকী নাবালকৰ কটা মূৰ পুনৰ সংলগ্ন কৰিলে , জীৱন্তে ঘৰলৈ উভতিল…