Local, Vocal, Global

Sensational Incident : নৃশংসতাৰ সীমা চেৰাই যোৱা এক কাণ্ড;কন্যা সন্তানক নিৰ্মমভাৱে হত্যা কৰি আত্মহত্যাৰ চেষ্টা পিতৃৰ

নিউজ ডেস্ক,১৫ছেপ্তেম্বৰ : লোমহৰ্ষক! ভয়ংকৰ ! কিমান নিষ্ঠুৰ হ’লে এজন লোকে হত্যা কৰিব পাৰে সন্তানক । হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে।

ডিব্ৰুগড় জিলাৰ টিংখাঙত চাঞ্চল্যকৰ ঘটনা । পাষাণ পিতৃয়ে দুবছৰীয়া কন্যাক হত্যা কৰি নিজেও আত্মহত্যাৰ চেষ্টা। টিংখাং থানাৰ অন্তৰ্গত লাইপুলি গাঁৱত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো ।

গাঁওখনৰ চুটু মুড়া নামৰ লোকজনে দ্বিতীয় পত্নীৰ লগত অহা এগৰাকী দুবছৰীয়া কন্যা সন্তানক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

জানিব পৰা মতে,গাঁওখনৰ চুটু মুড়া নামৰ লোকজনে দ্বিতীয় পত্নীৰ লগত অহা এগৰাকী দুবছৰীয়া কন্যা সন্তানক অসুস্থ হৈ মৃত্যুক আঁকোৱালি লয় । সুস্থ সৱল কণমানিজনী হঠাৎ অসুস্থ হৈ মৃত্যু হোৱাৰ লগতে শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট হৈ থকাত চুটু মুড়াই কণমানি জনীক হত্যা কৰা বুলি সন্দেহ কৰে ৰাইজে ৷ চুটুক সোধা-পোচা কৰাত শনিবাৰে বিয়লি চুটু মুড়াই দৌৰি গৈ কাষৰে এটা ট্ৰান্সফৰ্মাৰৰ বিদ্যুৎ পৰিবাহী তাঁৰত ধৰি আত্মহত্যাৰ চেষ্টা কৰে ।

লগে লগে স্থানীয় কেইজনমান যুৱকে উদ্ধাৰ কৰি আহত চুটু মুড়াক ততাতৈয়াকৈ ৰাজগড় সামূহিক চিকিৎসালয়লৈ লৈ যায় । চুটু মুড়াৰ এনে কাণ্ডৰ পৰা তেওঁৱেই যে কণমানিজনীক হত্যা কৰিছে সেয়া স্পষ্ট হৈ পৰিছে । চুটু মুড়াৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । মৃত কণমানিজনী দ্বিতীয় পত্নীৰ লগত অহাৰ বাবেই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । ঘটনা পোহৰলৈ অহাৰ পাছতে ঘটনাস্থলীত টিংখাং আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । ইতিমধ্যে মৃত শিশুটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক :10 dead, 5 critically injured in Meerut house collapse : তিনিমহলীয়া অট্টালিকা ভাঙি মৃত্যু শিশুসহ ১০জনৰ