Local, Vocal, Global

Self Reliance through Farming:খেতিৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ মুকলি এজন যুৱকৰ

দেৰগাঁও,৫ডিচেম্বৰ : দেৰগাঁৱত কৃষি বিপ্লৱ আৰম্ভ কৰি স্বাৱলম্বিতাৰ পথ দাঙি ধৰিছে এজন যুৱকে ।

দেৰগাঁও ধেমাজি কৈৱৰ্ত্ত গাঁৱৰ এজন যুৱক নাম আজগৰ আলি ।আজগৰ আলিয়ে ৫০ বিঘা মাটিত খেতি কৰি স্বাৱলম্বিতাৰ পথ দাঙি ধৰিছে। ৪৫ টকাত দিন হাজিৰা কৰা যুৱক আছগৰ আলীয়ে খেতিৰ জড়িয়তে স্বাৱলম্বিতাৰ পথ দাঙি ধৰিছে(Self Reliance through Farming)।

আছগৰ আলীয়ে নিজৰ লগতে সংস্থাপন দিছে প্ৰায় ৩০ টা পৰিয়ালক। কৃষকজনে ৫০ বিঘা মাটিত আলু , কবি , বকুলি , ভোট জলকীয়া , মিঠা আলু , অমিতা , পিয়াজ , আদি সকলো কৃষিজাত সামগ্ৰীৰ খেতিৰ জড়িয়তে তেওঁ সাফল্য লাভ কৰিছে। কৃষিজাত সামগ্ৰীৰ লগতে তেওঁ উন্নতমানৰ অমিতা আৰু ভোট জলকীয়া পুলি অসমৰ বিভিন্ন জিলাত প্ৰেৰণ কৰিছে। যাৰ জড়িয়তে তেওঁ কেইবালাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ এই কৃষকজনে ভোট জলকীয়া আৰু অমিতা খেতিৰ জড়িয়তে অসমৰ বাহিৰতো সুনাম পাবলৈ সক্ষম হৈছে । কৃষিকৰ্মৰ জড়িয়তে তেওঁ এক বিপ্লৱৰ সৃষ্টি কৰিছে । অসমৰ বিভিন্নজন উদীয়মান যুৱকে তেওঁৰ পৰা লৈছে কৃষিৰ উপদেশ। যাৰ জড়িয়তে তেওঁ বহুতৰ বাবে হৈ পৰিছে খেতিয়কৰ বন্ধু।

তেওঁ উৎপাদন কৰা সামগ্ৰীয়ে অসমত এক বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বছৰি প্ৰায় ৫০ লাখ টকা উপাৰ্জন কৰে খেতিৰ জড়িয়তে।

লগতে পঢ়ক :Fadnavis to take oath as Maharashtra CM today:আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নবিছে