উন্মুক্ত ৰেল ক্ৰচিংৰ বাবেই ৰাজ্যত দ্বিতীয়টো দুৰ্ঘটনা
নিউজ ডেস্ক, ৩০ মে’- ধেমাজিৰ পাছত এইবাৰ ডিব্ৰুগড়ৰ চাবুৱাত ভয়ংকৰ দুৰ্ঘটনা। উন্মুক্ত ৰে’ল ক্ৰচিংৰ বাবেই ৰাজ্যত দ্বিতীয়টো দুৰ্ঘটনা।
ৰে’ল ক্ৰচিং পাৰ হোৱাৰ পথত ৰে’লৰ ইঞ্জিনে মহটিয়াই নিয়ে এখন অল্ট’ বাহন। চাবুৱাৰ পুৰণা পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।
কথমপি বাহনৰ পৰা ওলাবলৈ সক্ষম হল বাহনখনৰ চালক। দুৰ্ঘটনাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে অল্ট’খনৰ চালকজন।