কাইলৈৰ পৰা মুকলি হ’ব SEBA ৰ বিশেষ অনলাইন পৰ্টেল

নিউজ ডেস্ক, ৯ জুন : অসম মাধ্যমিক শিক্ষা পৰিষদে (HSLC) জানিব দিয়ে যে ১০ জুন অৰ্থাৎ কাইলৈৰ পৰা মুকলি হ’ব ছেবাৰ এক বিশেষ অনলাইন পৰ্টেল।
বিশেষ অনলাইন পৰ্টেলটোত মেট্রিক পৰীক্ষাৰ উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে লগতে উত্তৰ বহীৰ ফটো কপি বিচাৰিও পৰীক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন।
১০জুনৰ পুৱা ৬বজাৰ পৰা ২০ জুনৰ সন্ধিয়া ৫ বজালৈ পৰীক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন। ছেবাৰ অনলাইন পৰ্টেল SebaOnline.org ত কৰিব লাগিব আবেদন।
প্রতিটো বিষয়ৰ উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবে অনলাইনযোগে ৩৫০ টকা দিব লাগিব পৰীক্ষাৰ্থীয়ে আৰু উত্তৰ বহীৰ পুনৰীক্ষণ আৰু ফটো কপি বিচাৰিলে ৫৫০টকা দিব লাগিব।