Local, Vocal, Global

জানুৱাৰীত ক’ত কিদৰে খুলিব স্কুল?

দেশত ক’ভিড পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে। দেশজুৰি দৈনিক আক্ৰান্তৰ সংখ্যা ৩০ হাজাৰৰ তললৈ নামি অহাৰ সমান্তৰালভাৱে নতুন বছৰৰ প্ৰথমতে ক’ভিডৰ বাবে বন্ধ হৈ পৰা বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত লৈছে বিভিন্ন ৰাজ্যৰ চৰকাৰে। কিছুসংখ্যক ৰাজ্যত এক জানুৱাৰীৰ পৰাই সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে আন একাংশ ৰাজ্যই উচ্চতৰ শ্ৰেণীৰ পাঠদানহে সদ্যহতে আৰম্ভ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ক’ভিড পৰিস্থিতিৰ মাজতে স্কুল খোলা-নোখোলাৰ সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব দিছে সংশ্লিষ্ট ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰক। বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি এইক্ষেত্ৰত আগবঢ়াৰ পৰামৰ্শ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে। অসমত প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সকলো শিক্ষানুষ্ঠানৰ পাঠদান এক জানুৱাৰীৰ পৰাই আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। বিহাৰত ৪ জানুৱাৰীৰ পৰা উচ্চতৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰি ১৫ দিন পিছত পৰিস্থিতি অধ্যয়ন কৰি নিম্ন শ্ৰেণীৰ পাঠদান আৰম্ভ সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব। পুডুচেৰীত ৪ জানুৱাৰীত বিদ্যালয় খোলা হ’ব যদিও ১৭ জানুৱাৰীপৰ্যন্ত পুৱা ১০ বজাৰ পৰা এক বজালৈকে পাঠদান চলিব। ১৮ জানুৱাৰীৰ পৰাহে পূৰ্ণকালীন পাঠদান আৰম্ভ কৰা হ’ব। কৰ্ণাটকত এক জানুৱাৰীৰ পৰা দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান আৰম্ভ হ’ব। অৱশ্যে শিক্ষাৰ্থীয়ে অভিভাৱকৰ পৰা এইক্ষেত্ৰত লিখিত সন্মতি পত্ৰ লৈ আহিব লাগিব। মহাৰাষ্ট্ৰৰ পুনেত ৪ জানুৱাৰীৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান চলিব। আনহাতে ইতিমধ্যেই মধ্যপ্ৰদেশ, চিকিম, উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা, ঝাৰখণ্ড, ৰাজস্থানত নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান আৰম্ভ হৈছে। বিশেষ নিয়ম আৰু চৰ্তসাপেক্ষে ক’ভিড পৰিস্থিতিৰ মাজত বিদ্যালয় খোলাৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত বা বিদ্যালয় চৌহদত পাৰ্যমানে ক’ভিড প্ৰট’কল ৰক্ষা কৰিব লাগিব।