দেশত অচিৰেই খুলিব শিক্ষানুষ্ঠান
দেশত পুনৰ আৰম্ভ হ’ব শিক্ষা ব্যৱস্থা। ইতিমধ্যে ভাৰত চৰকাৰে শিক্ষানুষ্ঠান খোলাক লৈ SOP জাৰি কৰিছে। মঙলবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয় তৰফৰ পৰাই শিক্ষানুষ্ঠান খোলা আৰু পাঠদান সন্দৰ্ভত জাৰি কৰিলে নিৰ্দেশনা।
২১ ছেপ্তেম্বৰ পৰাই নৱম,দশম,একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব। নৱমৰ পৰাই দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসমুহে শিক্ষক আৰু অৱিভাৱকৰ সৈতে আলোচনা কৰি স্ব-ইচ্ছাৰে শ্ৰেণীত অংশগ্ৰহণ কৰিব পাৰিব। শিক্ষকৰ পৰাই পৰামৰ্শ লবলৈ যাওঁতে অৱিভাৱক অনুমতি লাগিব। শিক্ষাদানৰ ক্ষেত্ৰত সম্পুৰ্ণ ক’ভিড প্ৰ’টকল মানি চলিব লাগিব। লগতে মানিব লাগিব ৬ ফুটৰ সামাজিক দুৰত্ব।
কিন্তু লক্ষ্যণীয় যে বৰ্তমানেও অন্য শ্ৰেণীৰ সমুহৰ পাঠদান কেতিয়াৰ পৰাই আৰম্ব হ’ব সেই সম্পৰ্কত কোনো ধৰণ ঘোষণা জাৰি কৰা নাই।