Local, Vocal, Global

SBIৰ ATM ব্যৱহাৰকাৰী সকলৰ বাবে এক দৰকাৰী খবৰ

SBIৰ ATM ব্যৱহাৰকাৰী সকলৰ বাবে এক দৰকাৰী খবৰ। আজিৰে পৰাই সলনি হ’ব ATMৰ পৰা ধন উলিওৱাৰ নিয়ম। এতিয়াৰে পৰাই SBI লৈছে নতুন ব্যৱস্থা। ১০,০০০ হাজাৰতকৈ অধিক ধন SBIৰ ATMৰ পৰাই উলিয়ালে ২৪ ঘন্টাই লাভ কৰিব One Time Password আৰু আজিৰে পৰাই SBIৰ ATM সমূহত প্ৰযোজ্য হ’ব এই নিয়ম। পূৰ্বেই এই নিয়ম প্ৰযোজ্য হৈছিল যদিও নিশা ৮ বজাৰ পৰাই ৰাতিপুৱা ৮ বজালৈকে লাভ কৰিছিল One Time Password চমুকৈ OTP। কিন্তু আজিৰ পৰাই SBIৰ গ্ৰাহকে ২৪ ঘন্টাই লাভ কৰিব এই সেৱা। উল্লেখ্য যে SBIৰ ATM কাৰ্ডৰে বেলেগ বেংকৰ ATM পৰাই ধন উলিয়ালে নাপাব এই সুবিধা।

গ্ৰাহকৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন সময়ত বহুতো অপৰাধজনিত ঘটনা সংঘতিত হৈছিল আনকি একাংশ দুষ্টচক্ৰৰ লোকে গ্ৰাহকৰ পৰাই ধন হৰলুকিও কৰিছিল। আৰু SBIৰ গ্ৰাহকৰ সুৰক্ষাৰ বাবে ভাৰতীয় ষ্টেট বেংকে এই ব্যৱস্থা প্ৰৱৰ্তন কৰিছে।