Local, Vocal, Global

বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিক আহত

সৰুপথাৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই বিদ্যুৎ প্ৰৱাহিত হৈ অগ্নিদগ্ধ হয় এজন শ্ৰমিক। সৰুপথাৰৰ বিদ্যুৎ সংমণ্ডলৰ অধীনত কৰ্মৰত অবস্থাত আহত হৈছে দুজনকৈ শ্ৰমিক। শ্ৰমিকৰ সুৰক্ষাত চৰম ভেঙুচালি ঠিকাদাৰ তথা সৰুপথাৰ বিদ্যুৎ সংমণ্ডলৰ।  সোমবাৰে আবেলি নিৰ্মীয়মান নাওজান উপবিদ্যুৎ কেন্দ্ৰটোত বিদ্যুৎ প্ৰৱাহী তাঁৰত অগ্নিদগ্ধ হয় জয় প্ৰকাশ চৌহান নামৰ এজন শ্ৰমিক। ঘটনাটো সংঘটিত হোৱাৰ পিছতেই আহত শ্ৰমিকজনক চিকিৎসাৰ ব্যৱস্থা নকৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ঠিকাদাৰ আৰু প্ৰতিস্থানটোৰ বিষয়ববীয়াসকল। দেহৰ প্ৰায় ৮০ % অগ্নিদগ্ধ হোৱা শ্ৰমিকজনক স্থানীয় লোক আৰু নাওজান আৰক্ষীয়েহে উদ্ধাৰ কৰি সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। কিন্তু শ্ৰমিকজনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ। নাওজান উপ বিদ্যুৎ কেন্দ্ৰটোৰ নিৰ্মাণৰ দায়িত্ব আছিল গুৱাহাটীৰ উইন পাৱাৰ ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠান।