SAI RNS Academy Director Allegedly Assaults 17-Year-Old Student : সাই আৰ এন এছ একাডেমীৰ সঞ্চালকৰ বৰ্বৰতা; ব্যক্তিগত প্ৰতিষ্ঠানৰ পোছাক পিন্ধি মাচুল দিবলৈ যোৱাৰ বাবেই ছাত্ৰক প্ৰহাৰ
নিউজ ডেস্ক,১৪আগষ্ট : মহানগৰীৰ অভিজাত বিদ্যালয়ত ভয়ংকৰ ঘটনা। গুৱাহাটীৰ সাই আৰ এন এছ একাডেমীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বিদ্যালয়ৰ মাচুলক কেন্দ্ৰ কৰি সাই আৰ এন এছ একাডেমীৰ ছাত্ৰক প্ৰহাৰ বিদ্যালয়খনৰ সঞ্চালকৰ।এগৰাকী ১৭ বছৰীয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ সঞ্চালকৰ(SAI RNS Academy Director Allegedly Assaults 17-Year-Old Student)।
সঞ্চালক দুলাল তালুকদাৰৰ বিৰুদ্ধে ছাত্ৰজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়ৰ ত্ৰিমাসিক মাচুল দিয়াক কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হয়।ঘটনা সন্দৰ্ভত সঞ্চালকগৰাকীৰ বিৰুদ্ধে ছাত্ৰজনৰ পৰিয়ালে ৰুজু কৰিছে এটা গোচৰ। এই ঘটনাক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
ছাত্ৰজনৰ পিতৃৰ অভিযোগ, অন্য এখন শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰজনে পোনে পোনে সাই আৰএনএছলৈ গৈছিল মাচুল দিবলৈ। সাই আৰ এন এছত অধ্যয়নৰত ছাত্ৰগৰাকীয়ে এখন ব্যক্তিগত প্ৰতিষ্ঠানত JEEৰ বাবে কোচিং কৰে। কোচিঙৰ পৰা সাই আৰ এন এছত দ্বাদশ শ্ৰেণীৰ পঞ্জীয়ন মাচুল দিবলৈ গৈছিল। ব্যক্তিগত প্ৰতিষ্ঠানৰ পোছাক পিন্ধি মাচুল দিবলৈ যোৱাটোৱেই যেন অপৰাধ হ’ল ছাত্ৰজনৰ বাবে।
আনহাতে, সঞ্চালকগৰাকীয়ে অভিযোগ কৰিছে যে ছাত্ৰজনেও আক্ৰমণ কৰিছিল তেওঁক(SAI RNS Academy Director Allegedly Assaults 17-Year-Old Student)।