Local, Vocal, Global

আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল তেণ্ডুলকাৰৰ

আজিৰ পৰা ৩১ বছৰ পূৰ্বে বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন শচীন তেণ্ডুলকাৰে প্ৰৱেশ কৰিছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত। ১৬ বছৰ বয়সত পাকিস্তানৰ বিৰুদ্ধে কৰাচীত অনুষ্ঠিত এখন টেষ্ট মেচত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক হৈছিল শচীনৰ। তাৰ পিছত আৰু পিছলৈ উভতি চোৱা নাছিল শচীনে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সুদীৰ্ঘ ২৫ বছৰ দপদপাই থাকি ৩৪,৩৫৭ ৰান সংগ্ৰহ কৰি জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল শচীন তেণ্ডুলকাৰ। ২০০খন টেষ্ট মেচত ৫১টা শতকেৰে ১৫,৯২১ ৰান, ৪৬৩খন এদিনীয়াত ৪৯টা শতকেৰে ১৮,৪২৬ ৰান সংগ্ৰহ কৰিছিল তেণ্ডুলকাৰে।

শচীনৰ অভিষেক টেষ্টত পাকিস্তানৰ হৈ অভিষেক ঘটোৱা ৱাকাৰ ইউনিছৰ বলত ১৫ ৰানত আউট হোৱা শচীনে ছিৰিজৰ চতুৰ্থখন মেচত নিজৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখিছিল। মেচখনত বেটিং কৰিবলৈ শচীন নমাৰ সময়ত ভাৰতীয় দলৰ অৱস্থা আছিল অতি শোচনীয়। ৱাকাৰৰ এটা বাউঞ্চাৰত আঘাতপ্ৰাপ্ত হৈ তাৰ পিছৰ বলটোতে বাউণ্ডেৰী শচীনৰ। ২০১৩ চনৰ ১৫ নৱেম্বৰতে জীৱনৰ অন্তিম ক্ষণ টেষ্ট মেচ খেলিছিল শচীনে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৱাংখেড়ে ষ্টেডিয়ামত কেৰিয়াৰৰ অন্তিম আন্তৰ্জাতিক ইনিংছত শচীনৰ সংগ্ৰহ আছিল ৭৪ ৰান। সেইখন মেচত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত টীম ইণ্ডিয়াই জয়লাভ কৰিছিল এক ইনিংছ আৰু ১২৬ ৰানৰ ব্যৱধানত। সেয়া আছিল ক্ৰিকেটৰ ভগৱানৰ বাবে উপযুক্ত বিদায় সম্ভাষণ।