Local, Vocal, Global

ৰূপকোঁৱৰলৈ প্ৰণিপাত

22

সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা৷ প্ৰথম অসমীয়া চলচ্চিত্ৰ নির্মাতা মুক্তি যুঁজাৰু আগৰৱালাৰ আজি ১১৭ সংখ্যক ওপজা দিন৷ ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় লাহোৱালৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰা অসমীয়া সংস্কৃতিৰ অন্যতম কাণ্ডাৰী আগৰৱালাক আজি তেখেতৰ ওপজা দিনত শ্ৰদ্ধা আগবঢ়াইছে সকলোৱে৷ আগৰৱালাই নিজ প্ৰচেষ্টাৰে তেজপুৰত নির্মাণ কৰিছিল জোনাকী নামেৰে এটা ছবিগৃহ৷ ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যু হোৱা আগৰৱালাৰ অৱদানৰ প্ৰতি সন্মান জনাই ২০০৪ চনৰ ১৭ জানুৱাৰীত ভাৰত চৰকাৰে এটা ডাক টিকট মুকলি কৰিছিল৷ ১৪ বছৰ বয়সতে ‘শোণিত কুঁৱৰী’ নাট লিখা জ্যোতিপ্ৰসাদে ১৯২৪ ৰ পৰা ১৯২৬ ৰ ভিতৰত ‘কাৰেঙৰ লিগিৰী’ নাটক লিখিছিল৷ অসমীয়া গীতি সাহিত্যৰ ভঁৰালত বৃহৎ বৰঙণি আগবঢ়াই থৈ গৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই৷ ৰূপকোঁৱৰৰ ওপজা দিনত My News NE ৰ তৰফৰ পৰা জনাইছো সশ্ৰদ্ধ প্ৰণিপাত ৷

Comments are closed, but trackbacks and pingbacks are open.