Local, Vocal, Global

বিজেপিত যোগদানৰ সম্ভাৱনা ৰূপজ্যোতি কুর্মীৰ 

মৰিয়নিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে কংগ্রেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিবলৈ মন মেলিছে ৷
সৌসিদিনালৈ প্রদেশ কংগ্রেছৰ সভাপতি পদৰ বাবে নিজকে যোগ্য বুলি দাবী কৰি অহা কুর্মীয়ে এইবাৰ দলটোকে বিদায় জনাবলৈ সাজু হৈছে৷ ইতিমধ্যে বিধায়ক কুর্মী মৰিয়নিৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে ৷
জানিব পৰা মতে, গুৱাহাটীত উপস্থিত হৈয়ে কুর্মীয়ে কংগ্রেছ দল আৰু বিধায়ক পদ ত্যাগ কৰিব ৷ তাৰ পাছত তেওঁ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদানৰ সম্ভাৱনা আছে ৷ সেয়ে তেওঁ এই মুহূর্তত বিষয়টোক লৈ অধিক মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে যোৱা এক–ডেৰবছৰ ধৰি বিভিন্ন সময়ত কুর্মীয়ে বিজেপিত যোগদান কৰিব বুলি প্রচাৰ মাধ্যমত ব্যাপক চর্চা চলি আহিছে ৷
তদুপৰি এআইইউডিএফৰে কংগ্রেছৰ মিত্রতাকে ধৰি প্রদেশ কংগ্রেছৰ নেতৃত্বকো ক্ষুৰধাৰ সমালোচনা কৰি আহিছে ৷