Local, Vocal, Global

ক্ষোভিত ৰূপজ্যোতি কুৰ্মী! চৰকাৰলৈ কি কি প্ৰশ্ন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ?

ক্ষোভিত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। ফেচবুক পোষ্টৰ জড়িয়তে অসম চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক কুৰ্মীৰ। ফেচবুক পোষ্টৰ জৰিয়তে সোণোৱাল চৰকাৰলৈ কেতবোৰ প্ৰশ্ন মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। বান-বাঘজান কাণ্ড-গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ সন্দৰ্ভত চৰকাৰলৈ কেতবোৰ প্ৰশ্নৰ লগতে সাম্প্ৰতিক পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা কুৰ্মীৰ । বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ চৰকাৰলৈ প্ৰশ্ন –

১) অসম চৰকাৰে গৰ্গ চেটাৰ্জীক পশ্চিম বংগৰ পৰা গ্ৰেপ্তাৰ কৰি আনিব নোৱাৰিলে… কিন্তু নাগালেণ্ডৰ চৰকাৰে ২/৩ দিনৰ ভিতৰতে হেমা চৌধুৰীক নগাৰ বিৰুদ্ধে কথা কোৱাৰ কাৰণে মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ নাগালেণ্ড পোৱালেহি, অসম চৰকাৰে কিয় চেটাৰ্জীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰি আনিব নোৱাৰিলে ?
২) পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে যদি মাননীয় প্ৰধানমন্ত্ৰীক আম্ফান’ ত ৮০ জন মান মানুহ মৃত্যু হওঁতে মাতিব পাৰে অসম চৰকাৰে বানত এতিয়ালৈকে ৮৫ জনকৈ অধিক মানুহৰ মৃত্যু হোৱাৰ পিছতো কিয় মাননীয় প্ৰধানমন্ত্ৰীক মাতি আনিব নোৱাৰে বা কেন্দ্ৰৰ পৰা সাহাৰ্য্য বিছাৰিব নোৱাৰে ?
৩) বিশাখাপত্তমৰ ঘটনাৰ পিছত যদি অন্ধ প্ৰদেশ চৰকাৰে National Green Tribunal ৰ কাষ চাপি টকা আনিব পাৰে, অসম চৰকাৰে বাঘজানৰ ঘটনাটো লৈ National Green Tribunal ৰ কাষ চাপি কিয় টকা আনিব নোৱাৰে ? যদি বনানি কাষৰ এগৰাকী প্ৰকৃতি প্ৰেমীয়ে NGT ৰ কাষ চপাৰ বাবে ২৫ কোটি টকা ক্ষতিপূৰণ OIL ৰ পৰা আমি পাব পাৰোঁ, অসম চৰকাৰে OIL আৰু John Energy দুটাৰ পৰা ক্ষতিপূৰণ কিয় আদায় কৰিব পৰা নাই ?
অসম চৰকাৰে প্ৰকৃতাৰ্থত কৰিছে কি ? কেৱল জাতি মাটি ভেটি কথা কৈয়েই দায়িত্ব সামৰিছে নেকি বাৰু ?