দিশপুৰ কলেজৰ পৰা ৭৬ লাখ টকা লুট প্ৰৱঞ্চকৰ

নিউজ ডেস্ক,৫ মে’- দিশপুৰ কলেজৰ একাউণ্টৰ পৰা ধন লুট। কলেজৰ একাউণ্টৰ পৰা প্ৰৱঞ্চকে লুটি নিলে প্ৰায় ৭৬ লাখ টকা। বেংক অৱ বৰোডাত কলেজৰ একাউণ্টটো আছিল।
এই ঘটনাৰ সৈতে বেংক অৱ বৰোডাৰ লোক জড়িত থকাৰ অভিযোগ তুলিছে দিছপুৰ কলেজৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই।
Dispurcollege1980@gmail.com মেইলৰ পৰা আহিছিল চেক কনফাৰ্মৰ বাবে মেইল। কিন্তু অধ্যক্ষৰ মতে, Dispurcollege1979@gmail.com হৈছে দিছপুৰ কলেজ আঁচল মেইল এড্ৰেছ।
কলকাতাৰ “জাতীয় কম্পিউটাৰ সাক্ষৰতা মিছন” নামৰ এটা বেচৰকাৰী সংস্থালৈ সন্দেহ। সেই সংস্থাটোৰ নামতেই ধনখিনি সোমোৱাৰ তথ্য লাভ কৰিছে দিছপুৰ কলেজে। গুৱাহাটীৰ দিছপুৰ শাখা, বেংক অৱ বৰোডাৰ পৰা পশ্চিম বংগৰ বৰনগৰ শাখা , ইউনিয়ন বেংকলৈ ট্ৰান্সফাৰ হৈছিল টকাখিনি।
ইতিমধ্যে দিশপুৰ থানাত গোচৰ ৰুজু কৰিছে কলেজ কৰ্তৃপক্ষই। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।