Local, Vocal, Global

মহাৰাষ্ট্রৰ উপ মুখ্যমন্ত্রী অজিত পাৱাৰৰ ১,৪০০ কোটি টকাৰ সম্পত্তি জব্দ

মহাৰাষ্ট্রৰ উপ–মুখ্যমন্ত্রী তথা এনচিপিৰ জ্যেষ্ঠ নেতা অজিত পাৱাৰৰ বিভিন্ন সম্পত্তিত অভিযান চলাই মঙলবাৰে ১,৪০০ কোটিতকৈ অধিক সম্পত্তি জব্দ কৰিছে আয়কৰ বিভাগে৷ মহাৰাষ্ট্রৰ মুম্বাই, ৰাজধানী নতুন দিল্লী, পুনে, গোৱা আদিকে ধৰি কেইবাটাও স্থানত থকা উপ–মুখ্যমন্ত্রী অজিত পাৱাৰৰ সম্পত্তিত বিগত মাহৰ পৰা অভিযান চলাই থাকি অৱশেষত আজি কৰ বিভাগে পাৱাৰৰ ১,৪০০ কোটি টকাৰ সম্পত্তি জব্দ কৰে৷ বেনামী সম্পত্তি লেনদেন প্রতিৰোধ আইন–১৯৮৮ অধীনত উপ–মুখ্যমন্ত্রী পাৱাৰৰ সম্পত্তিসমূহ কৰ বিভাগে জব্দ কৰে৷ কৰ বিভাগে এই সম্পত্তিসমূহ জব্দ কৰি ৯০ দিনৰ ভিতৰত এই সম্পত্তিৰ সঠিক তথ্য দাখিল কৰিবলৈ উপ–মুখ্যমন্ত্রীগৰাক্ নির্দেশ দিছে ৷

জব্দ কৰা সম্পত্তিৰ ভিতৰত চাটাৰাৰ ৬০০ কোটিটকীয়া জোৰাণ্ডেছৰ চেনিকল, গোৱাৰ ২৫০ কোটি টকাৰ ৰিজ’ট, ২৫ কোটিটকীয়া দক্ষিণ মুম্বাইৰ পার্থ পাৱাৰ কার্যালয়, দক্ষিণ দিল্লীৰ ২০ কোটিটকীয়া ফ্লেট আৰু মুম্বাইকে ধৰি বিভিন্ন স্থানত থকা ৫০০ কোটি টকাৰ সম্পত্তি৷ গুৰুত্বপূর্ণ যে কৰ বিভাগৰ উপৰি উপ–মুখ্যমন্ত্রী তথা এনচিপিৰ জ্যেষ্ঠ নেতা অজিত পাৱাৰৰ সম্পত্তিক লৈ এনফ’চমেণ্ট ডায়ৰেক্টৰেটেও (ইডি) তদন্ত চলাই আছে ৷ কিয়নো অজিত পাৱাৰৰ পৰিয়াল ৭৫০ কোটি টকীয়া ঋণ কেলেংকাৰিত জড়িত থকাৰ অভিযোগ আছে ৷

আনপিনে এনচিপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ প্রাক্তন গৃহমন্ত্রী অনিল দেশমুখক মঙলবাৰে অবৈধ ধনৰ লেনদেন গোচৰত ইডিয়ে গ্রেপ্তাৰ কৰিছে ৷ ইডিয়ে প্রাক্তন গৃহমন্ত্রী দেশমুখক কালি ১৪ ঘণ্টাজোৰা জেৰাৰ অন্তত গ্রেপ্তাৰ কৰা বুলি প্রকাশ কৰিছে ৷ অবৈধ ধনৰ লেনদেন গোচৰত জড়িত প্রাক্তন গৃহমন্ত্রী দেশমুখৰ বিৰুদ্ধে মুম্বাইৰ প্রাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে ১০০ কোটি টকা দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ এই অভিযোগ সন্দর্ভত চিবিআয়ে গোচৰ ৰুজু কৰি দেশমুখৰ বিৰুদ্ধে তদন্ত চলাই আছে ৷