Local, Vocal, Global

ৰোহিত শর্মাই লাভ কৰিব এদিনীয়া দলৰো নেতৃত্ব

বিৰাট কোহলিয়ে টি–২০ দলৰ নেতৃত্ব স্বইচ্ছাই ত্যাগ কৰি এদিনীয়া আৰু টেষ্টত অধিনায়কৰ দায়িত্ব পালন কৰি যাবলৈ ইচ্ছা ব্যক্ত কৰিছিল কিন্তু শেহতীয়াকৈ পৰিস্থিতি সলনি হৈছে আৰু শীঘ্রে তাৰকা গৰাকীয়ে ভাৰতীয় এদিনীয়া দলৰ নেতৃত্ব হেৰুওৱাটো একপ্রকাৰ নিশ্চিত হৈছে ৷ কিয়নো ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে কোহলিক এদিনীয়া দলৰ অধিনায়ক হিচাপে বিচৰা নাই ৷ টি–২০ দলৰ নৱনিযুক্ত অধিনায়ক ৰোহিত শর্মাকে এদিনীয়া দলৰো নেতৃত্বৰ দায়িত্ব অর্পণ কৰিবলৈ ব’র্ডে পৰিকল্পনা যুগুত কৰিছে ৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অহা বর্ষৰ জানুৱাৰীত খেলিবলগীয়া এদিনীয়া শৃংখলাত ৰোহিত শর্মাই টীম ইণ্ডিয়াৰ পূর্ণাংগ অধিনায়ক হিচাপে খেলপথাৰত নমাৰ সম্ভাৱনা আছে ৷ এই সন্দর্ভত আলোচনা কৰিবলৈ বিচিচিআয়ে অহা সপ্তাহত এখন গুৰুত্বপূর্ণ বৈঠক আয়োজন কৰিছে ৷ এই বৈঠকত কোহলিৰ লগতে ৰোহিত শর্মাও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

বিচিচিআইৰ এক শীর্ষ সূত্রই শুকুৰবাৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, ব’র্ডে কোহলিক এদিনীয়া আৰু টি–২০ মেচত এগৰাকী বেটছমেনৰ ৰূপতহে বিচাৰে ৷ সীমিত অভাৰৰ ক্রিকেটত কোহলিয়ে যাতে কেৱল বেটিঙতহে মনোনিৱেশ কৰিব পাৰে, তাৰ প্রতি লক্ষ্য ৰাখি বিচিচিআয়ে তেওঁক নেতৃত্বৰ দায়িত্বৰ পৰা আঁতৰোৱাৰ পৰিকল্পনা যুগুত কৰিছে ৷

উল্লেখ্য যে টি–২০ বিশ্বকাপৰ পিছতে ভাৰতীয় টি–২০ দলৰ নেতৃত্ব ত্যাগ কৰিব বুলি কোহলিয়ে প্রায় এমাহ পূর্বে ঘোষণা কৰিছিল ৷ তেওঁৰ নেতৃত্বত টীম ইণ্ডিয়াই টি–২০ বিশ্বকাপৰ প্রাৰম্ভিক ৰাউণ্ডৰ পৰাই বিদায় মগাত বিচিচিআয়ে কোহলিৰ নেতৃত্বক লৈ চিন্তা কৰিবলৈ বাধ্য হৈছে ৷ শেহতীয়াকৈ ব’র্ডে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া সমাগত টি–২০ শৃংখলাৰ বাবে ৰোহিত শর্মাক টীম ইণ্ডিয়াৰ দায়িত্ব অর্পণ কৰিছে ৷ এই শৃংখলাৰ লগতে প্রথম টেষ্টৰ পৰা কোহলিয়ে বিশ্রাম লৈছে ৷