Local, Vocal, Global

এক অভাৱনীয় পৰিৱেশৰ মাজত ৰহা বিধানসভাৰ কুৱৰীআটি গাঁৱৰ পৰিয়াল

ভয়ংকৰ বানত ককবকাইছে কামপুৰ, ৰহা আৰু বঢ়মপুৰ।  প্ৰমিলা, কমাৰগাওঁ, মাধৱপাৰা, কচুৱা, বকুলগুৰি, আমতলা, তেতেলিসৰা আদি পঞ্চায়তৰ লক্ষাধিক লোক এতিয়া বানৰ কৱলত। কপিলী, বৰপানী আৰু নিশাৰী নৈৰ বানে তচ-নচ কৰিছে কামপুৰ, ৰহা আৰু বঢ়মপুৰৰ বিভিন্ন অঞ্চলত। ভয়ংকৰ বানে তচ-নচ কৰি নিলে কৃষক সকলৰ সপোন। পানীৰ তলত এতিয়া বহুতৰে ঘৰ-বাৰী সকলো। এই পৰ্যন্ত চৰকাৰ তথা প্ৰশাসনে কোনো সাহাৰ্য প্ৰদান কৰা নাই বুলি বানাক্ৰান্ত ৰাইজৰ অভিযোগ। বৰ্তমান এক অভাৱনীয় পৰিৱেশৰ মাজত ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত বগলাজান পঞ্চায়তৰ কুৱৰীআটি আদৰ্শ গাঁৱৰ বাসিন্দা । আজিও মথাউৰিতে বসবাস কৰিছে ২৯ টাকৈ পৰিয়ালে। বৰ্তমানেও খবৰ লবলৈ আহৰি নাই বিধায়ক ডিম্বেশ্বৰ দাসৰ লগতে নগাঁও জিলা প্ৰশাসনৰ।