কামপুৰত ভয়াৱহ পথ দূৰ্ঘটনা, কৰুণ মৃত্যু এজন ছাত্ৰৰ

নিউজ ডেস্ক, ২২ এপ্ৰিলঃ কামপুৰৰ আহোম গাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা। পথৰ কাষত থকা এডাল গছত খুন্দা তীব্ৰবেগী বাইকৰ।
তীব্ৰবেগত অহা বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় বাইক আৰোহীজন। নিহত বাইক আৰোহীজন কামপুৰ ফৰেষ্ট কলনীৰ কংকন শইকীয়া।
জানিব পৰা মতে, কংকন কামপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ নৱম শ্ৰেনীৰ ছাত্ৰ। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত দৈনিক কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত যথেষ্ট প্ৰাণহানি হয় আৰু গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয়।
অত্যাধিক দ্ৰুত গতিত গাড়ী চলোৱা, হেলমেট পৰিধান নকৰা, সুৰাপান কৰি গাড়ী চলোৱা ইত্যাদি কাৰণত এই দূৰ্ঘটনাসমূহ সংঘটিত হৈছে।