WATCH | Road Accident : গেছ ট্ৰেংকাৰ আৰু কন্টেনাৰ বাহনৰ মাজৰ মুখামুখি সংঘৰ্ষ
কলিয়াবৰ,১০জুন : কলিয়াবৰ জখলাবন্ধাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। গেছ ট্ৰেংকাৰ আৰু কন্টেনাৰ বাহনৰ মাজৰ মুখামুখি সংঘৰ্ষ।
UP-21CT-0170 নম্বৰ কন্টেনাৰ বাহনখনে কেইবাঠাইতো কেইবাখন বাহনৰ লগত সংঘৰ্ষৰ কৰি অৱশেষত জখলাবন্ধা অঞ্চলত AS-25-EC-8606 নম্বৰৰ ইন্ধনৰ ভৰ্তি বাহনত খুন্দা মাৰে। ফলত উজনি-নামনি মুৱা যাতায়তত যানযঁটৰ সৃষ্টি হয়(Road Accident)।
জানিব পৰা মতে, কন্টেনাৰ বাহনখনৰ চালক সুৰামক্ত হৈ বাহন চলাই আহিছিল।
ঘটনাস্থলিত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ আহত লোকসকলক কলিয়াবৰ সম-জিলা চিকিৎসায়লৈ প্ৰেৰণ কৰে।